• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনবদ্য ৰোহিত! সীমাৰ ভিতৰতে স্তব্ধ গীল-সুদৰ্শনৰ দল; গুজৰাটক পৰাস্ত কৰি কোৱালিফায়াৰত মুম্বাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2025 8:18 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়া যেন সাধাৰণ এলিমিনেটৰ নহয়। এয়া আছিল দুই প্ৰজন্মৰ যুঁজ। সেইটো টেষ্ট ক্ৰিকেটত হ’ব পাৰে। কিন্তু আই পি এলত দেখা গ’ল নতুন পুৰণি দ্বন্দ্ব। এফালে কেইদিনমান পূৰ্বে টেষ্টৰ পৰা অৱসৰ লোৱা ৰোহিত শৰ্মা আৰু আনফালে তেওঁৰ ‘বিকল্প’ হিচাপে নাম উঠি অহা ছাই সুদৰ্শন।

দুয়োৰে পৰা ‘দৃষ্টিনন্দন’ ইনিংছৰ সাক্ষী হৈছিল আই পি এল এলিমিনেটৰ। কিন্তু শেষত ৰোহিতৰ ‘পুৰণি প্ৰজন্ম’ই জয়ী হ’ল। দ্বিতীয় কোৱালিফায়াৰত হাৰ্দিকৰ মুম্বাইয়ে গীলৰ গুজৰাটক ২০ ৰানত পৰাস্ত কৰে। তাত তেওঁলোকে পঞ্জাৱ কিংছৰ মুখামুখি হ’ব।

Apply Now

শুকুৰবাৰে মুলানপুৰ ষ্টেডিয়ামত টছত জয়লাভ কৰি মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। এই আই পি এলত ৰোহিতে নিজৰ চিনাকি ছন্দ দেখুৱাব পৰা নাছিল। মাজে মাজে যদিও আভাস পোৱা গৈছিল, তথাপিও আচল ৰূপটো যেন এলিমিনেটৰৰ বাবে ধৰি ৰখা হৈছিল।

অৱশ্যে তেওঁ দুবাৰকৈ জীৱনদান পাইছিল। প্ৰথমবাৰ ৩ ৰাণত, দ্বিতীয়বাৰ ১২ ৰানত। ৰোহিতৰ কেচ মিছৰ পৰিণতি কি হ’ব পাৰে গীলহঁতে ভালদৰে বুজি পাইছিল। জনী বেয়াৰষ্ট’ৰ সৈতে তেওঁ ধুমুহাৰ সৃষ্টি কৰিছিল। ইংৰাজ বেটছমেনজনে অলপৰ বাবে অৰ্ধশতকৰ পৰা বঞ্চিত হয়। তেওঁ ২২টা বলত ৪৭ ৰান সংগ্ৰহ কৰি উভতি আহে।

কিন্তু ৰোহিতক কোনে বাধা দিব পাৰে? তেওঁৰ ৫০টা বলত ৮১ ৰান সংগ্ৰহ কৰা ইনিংছটো ৪টা ছয় আৰু ৯টা চাৰিৰে সজাই তোলা হৈছিল। শেষত প্ৰসিদ্ধ কৃষ্ণৰ বলত ৰছিদ খানৰ হাতত কেচ দি উভতি আহে। এই মেচতো সূৰ্যকুমাৰ যাদৱে ধাৰাবাহিকতা বজাই ৰাখিছিল। তেওঁ ২০টা বলত ৩৩ ৰান সংগ্ৰহ কৰে। আনহাতে, তিলক ভাৰ্মাই ১১টা বলত ২৫ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। শেষত ৫টা উইকেট হেৰুৱাই মুম্বাইৰ স্ক’ৰ ২২৮ ৰান হয়। হাৰ্দিক পাণ্ডিয়াই ৯টা বলত ২২ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিছিল।

বৰ্তমানৰ আই পি এলৰ শ্ৰেষ্ঠ অ’পেনিং যুটি গুজৰাটৰ ছাই সুদৰ্শন আৰু শুভমন গীল বুলি কোৱা হৈছে। সুদৰ্শন টেষ্টত ৰোহিত শৰ্মাৰ বিকল্প হ’ব পাৰে বুলি তীব্ৰ চৰ্চা চলিছে। গীলে ৰোহিতে এৰি থৈ যোৱা স্থানত টেষ্টৰ অধিনায়ক হৈ পৰিছে। ৰাণৰ লক্ষ্য অনুসৰণ কৰাৰ সময়ত গীলে ৰান নাপালে। প্ৰথম অভাৰত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি উভতি আহে ট্ৰেণ্ট ব’ল্টৰ বলত।

কিন্তু ৰোহিতৰ ইনিংছৰ পিছত ছাই সুদৰ্শনে যি ধুমুহাৰ সৃষ্টি কৰিলে সেয়া আই পি এলৰ মঞ্চত যেন ভাৰতীয় দলৰ বাবে কমাণ্ড সলনিৰ ইংগিত। ক’ব পাৰি যে সুদৰ্শনৰ আধিপত্যত মুম্বাইৰ বাবে যোগ্যতা অৰ্জনৰ সপোন ভংগ হ’ব পাৰিলেহেঁতেন। কুশল মেণ্ডিছে ধুমুহাৰ গতিৰে আৰম্ভ কৰিছিল যদিও আচৰিত ধৰণে হিট উইকেট হৈ উভতি আহে।

কিন্তু সুদৰ্শনৰ লগত আছিল ‘সুন্দৰ’ ৱাশ্বিংটন (৪৮)। ট্ৰেণ্ট ব’ল্টৰ দৰে বলাৰৰ ওপৰতো তেওঁ আক্ৰমণাত্মক খেলিছিল। হাৰ্দিকেও ৰান দিছিল। এই পৰিস্থিতিত মুম্বাইৰ অধিনায়কজনে যি কৰিব পাৰে তাকেই কৰিলে। তেওঁ বুমৰাহক বলিং কৰিবলৈ আনিলে। সুন্দৰক তেওঁৰ য়ৰ্কাৰে বল্ড কৰে।

তাৰপিছত অৱশ্যে সুদৰ্শনৰ বেটো বেছি নচলিল। ৰোহিততকৈ মাত্ৰ এটা ৰান কম ৮০ ৰানত আউট হয় তেওঁ। ৰোহিততকৈও এটা কম বলো খেলিছে। এটা ছয় মাৰিলেও তেওঁৰ বেটৰ পৰা  আহিছিল ১০টা চাৰি। এফালে ৰাদাৰফোৰ্ডে ভালদৰে বেট কৰি আছিল। কিন্তু সুদৰ্শন ঘূৰি যোৱাৰ লগে লগে ৰান ৰেট লেহেমীয়া হ’ল। তাৰ ভিতৰত বুমৰাহৰ অন্তিম অভাৰত মাত্ৰ ৯ ৰানহে লাভ কৰে।

অশ্বনী কুমাৰ আৰু নমন ধীৰহঁতে ভাল বল কৰে। শেষ দুটা অভাৰত ৩৮ ৰানৰ প্ৰয়োজন হৈছিল। চাপত পৰি ৰাদাৰফোৰ্ডে ব’ল্টক উইকেট দিয়ে। গোটেই মেচখনত ট্ৰেণ্ট ব’ল্টে যথেষ্ট ৰান দিছিল। কিন্তু ডেথ অভাৰত এতিয়াও তেওঁ অতুলনীয়। গ্লিছনে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো শেষ অভাৰত মুম্বাইৰ মেচ জয় নিশ্চিত কৰে। বাকী তিনিটা বল কৰে অশ্বনীয়ে। শেষত মুম্বাইয়ে ২০ ৰানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছঃ ২২৮/৫ (ৰোহিত ৮১, বেয়াৰষ্টো ৪৭, ছাই কিশোৰ ৪২/২)

গুজৰাট টাইটানছঃ ২০৮/৬ (সুদৰ্শন ৮০, সুন্দৰ ৪৮, ব’ল্ট ৫৬/২)

মুম্বাই ইণ্ডিয়ানছে ২০ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd