IPL 2024: পুৰণি ছন্দত মুম্বাই! ৰোহিত-ঈশানৰ পিছত সূৰ্যৰ বেটিং উত্তাপত ভষ্ম বেংগালুৰুৰ স্বপ্ন; অনন্য বুমৰাহ

এই মেচখন দুয়োটা দলৰ বাবে প্লে অফৰ যুঁজত থাকিবলৈ সমানেই গুৰুত্বপূৰ্ণ আছিল। অৱশেষত শেষ হাঁহি মাৰিলে মুম্বাইয়ে। পুনৰ পৰাজিত হৈ উভতিব লগা হ’ল বেংগালুৰুৱে। আৰু সেইটোও অতি অস্বস্তিকৰ ধৰণে। স্পষ্টকৈ ক’বলৈ গ’লে মুম্বাইৰ বেটিঙৰ মাজত কোনো সময়তে আৰ চি বিৰ জয়ৰ কোনো ইচ্ছাশক্তি থকা যেন দেখা নগ’ল৷ ঈশান কিষানে এককভাৱে কোহলী বাহিনীৰ হাতৰ পৰা প্ৰায় কাঢ়ি নিলে মেচখন। সংগ দিলে ৰোহিতে। পিছত সূৰ্যকুমাৰেও তুলিলে ধুমুহা।

টছত জয়ী হৈ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণি ভাল আছিল। দ্বিতীয় অভাৰত বুমৰাহে কোহলীৰ (৩) উইকেট দখল কৰে। তাৰ কিছু সময়ৰ পিছতে উইল জেকছ (৮) উভতিল।

ফটো সৌজন্যঃ আইপিএল।

লৰ স্কোৰ ২৩/২ হোৱাৰ সময়ত ৰজত পাতিদাৰ ক্ৰীজলৈ আহে। কেপ্তেইন ফেফ ডুপ্লেচিছে তেওঁৰ সৈতে যুঁজ আৰম্ভ কৰে। প্ৰায় ৮ অভাৰৰ পাৰ্টনাৰশ্বিপেৰে তেওঁলোকে ৮২ ৰান সংগ্ৰহ কৰে। কিন্তু পাতিদাৰ ২৬টা বলত ৫০ ৰান কৰি আউট হৈ যায়। মেক্সৱেলে ৰাণ নকৰাকৈয়ে উভতি আহিল।

কিন্তু শেষত দীনেশ কাৰ্তিকে ভাল ইনিংছ এটা খেলিলে। তেওঁ মাত্ৰ ২৩টা বলত ৫৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ডুপলেছিছ (৪০ বলত ৬১) আউট হোৱাৰ পিছত তেওঁ আৰচিবিক ১৯৬ ৰানলৈ লৈ যায়। শেষৰ অভাৰৰ তৃতীয় আৰু চতুৰ্থ বলত তেওঁ ছয় মাৰে। পৰৱৰ্তী বলটোও বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়ায়। তেওঁৰ অবিহনে হয়তো বেংগালুৰুৰ বাবে ১৮৫ অতিক্ৰম কৰাটোৱে কঠিন হ’লহেঁতেন।

ফটো সৌজন্যঃ আইপিএল।

আনহাতে, বৃহস্পতিবাৰে ‘বুম বুম’ বুমৰাহে মুম্বাইৰ বলিঙত নিজৰ ‘যাদু’ দেখুৱালে। তেওঁ অকলেই ৫টা উইকেট লাভ কৰে। আৰম্ভণিতে কোহলীক আউট কৰাৰ পাছত মেচখনৰ ১৭ আৰু ১৯ অভাৰত দুটাকৈ উইকেট দখল কৰি আৰ চি বিৰ লৱাৰ আৰু মিডল বেটিং অৰ্ডাৰক এককভাৱে বিধ্বস্ত কৰিলে।

মুম্বাইৰ দুই অ’পেনাৰে আৰম্ভণিৰে পৰাই ৰান অনুসৰণ কৰি ভাল বেটিং কৰিবলৈ আৰম্ভ কৰে। ৰোহিত অলপ লেহেমীয়া আছিল যদিও ঈশান কিষাণ দুৰ্দান্ত ফৰ্মত আছিল। অলপ পিছত ‘হিটমেন’য়েও স্বকীয় শৈলীলৈ ঘুৰি আহিল। মাত্ৰ ৮.৩ অভাৰতে মুম্বাইয়ে ১০০ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু তাৰ পিছত ঈশান আউট হৈ উভতি আহিল। অৱশ্যে ৩৪টা বলত ৬৯ ৰান সংগ্ৰহ কৰাৰ পিছত আকাশদ্বীপৰ বলত লং অফত কোহলীৰ হাতত ধৰা পৰে। তেওঁৰ ইনিংছত ৫টা ছয় আৰু ৭টা বাউণ্ডেৰীত আছিল। ইয়াৰ পিছত সূৰ্য্যকুমাৰে ক্ৰীজত ধুমুহা তুলিলে। ইফালে টপলেই দুৰ্দান্ত কেচ ধৰি ৰোহিতক (৩৮) পেভলিয়নলৈ পঠিয়ালে। এই কেচটো এইবাৰৰ আই পি এলৰ শ্ৰেষ্ঠ কেচ নেকি সেই বিষয়ে চৰ্চা আৰম্ভ হৈ গৈছে।

ফটো সৌজন্যঃ আইপিএল।

প্ৰায় চাপহীন হৈ পৰা খেলখনত অধিনায়ক হাৰ্ডিকে ক্ৰীজত নামি প্ৰথম বলটোতে ছয় মাৰে। সেই মুহূৰ্ততে নিশ্চিত হৈছিল যে এইবাৰো আৰ চি বিয়ে শুদা মুখে উভতি যাব লাগিব। শেষ পৰ্যন্ত সূৰ্য্যকুমাৰৰ বিধ্বংসী ইনিংছটো ১৯টা বলত ৫২ ৰান (৫টা বাউণ্ডেৰী আৰু ৪টা ছয়)ৰে সমাপ্ত হয়। অৱশেষত ১৫.৩ অভাৰতে খেলখন শেষ হয়। পুনৰ খালী হাতেৰে উভতিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু : ১৯৬/৮ (ডুপলেছিছ-৬১, কাৰ্তিক ৫৩ নট আউট, বুমৰাহ-২১/৫)

মুম্বাই ইণ্ডিয়ানছঃ ১৯৯/৩ (ঈশান কিষাণ-৬৯, সূৰ্য্যকুমাৰ যাদৱ-৫২)

মুম্বাইয়ে ৭ উইকেটত জয়লাভ কৰে।