• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইৰ হাতত বিধ্বস্ত কলকাতা; চলিত আইপিএলত প্ৰথম জয়েৰে সঞ্জীৱনী লাভ কৰিলে হাৰ্দিক বাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 7:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়ী হ’বলৈ প্ৰয়োজন হৈছিল মাত্ৰ ১১৭ ৰানৰ। ক’ব পাৰি যে মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত তেনে কোনো চাপেই নাছিল। এটা সৰু লক্ষ্য যেনেদৰে অতিক্ৰম কৰিব লাগে ঠিক সেইদৰেই আৰম্ভণি কৰিছিল মুম্বাইয়ে ৷ দৃঢ় মনোবল অটুট ৰাখি তেওঁলোকে মাত্ৰ ১২.৫ অভাৰতে জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে। বৰ্তমানৰ আই পি এলত এয়া তেওঁলোকৰ প্ৰথমটো জয়।

সোমবাৰে ৰিকালটনে আৰম্ভ কৰে আক্ৰমণ। আনহাতে, ‘হিট মেন’য়ে ১৩ ৰানতকৈ বেছি ৰান কৰিব নোৱাৰিলে। আন্দ্ৰে ৰাছেলৰ বলত পুল কৰিবলৈ চেষ্টা কৰি ৰোহিত শৰ্মাই হৰ্ষিত ৰানাৰ হাতত সহজ কেচ দি বিদায় লয়। তেওঁৰ এই দুৰ্বল প্ৰদৰ্শনে মুম্বাই দলটোক চিন্তাত ৰাখিব।

Apply Now

ৰোহিত আউট হ’লেও মুম্বাইৰ বাকী বেটছমেনসকলে লক্ষ্যত উপনীত হ’বলৈ অত্যন্ত দৃঢ় আছিল। অতি দমনীয় প্ৰদৰ্শনেৰে মেচখনত ৮ উইকেটত জয়লাভ কৰে। ৰিকেল্টনে ৪১টা বলত ৬২ ৰানৰ অপৰাজিত ইনিংছ খেলে। আনহাতে, সূৰ্যকুমাৰ যাদৱে ৯টা বলত ২৭ ৰান কৰি তেওঁৰ স্বকীয় শৈলীৰ পৰিচয় দাঙি ধৰে।

মুম্বাইৰ সৈতে শেহতীয়াভাৱে দুখন মেচতেই কেকেআৰে জয়লাভ কৰিছিল। অৱশ্যে সকলো বিভাগতে নাইটছক পৰাভূত কৰি মুম্বাই ইণ্ডিয়ানছে মেচখনত জয়লাভ কৰে। চলিত আই পি এলৰ দ্বাদশখন মেচত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ১১৬ ৰানতে অল আউট কৰে।

মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়লাভ কৰি ৱানখেড়ে ষ্টেডিয়ামত বলিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাইৰ হৈ অভিষেক ঘটোৱা অশ্বিনী কুমাৰেও ২৪ ৰানত ৪ টা উইকেট দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এলৰ অভিষেক মেচত ৪টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

খেল আৰম্ভ হোৱাৰ পৰাই কলকাতাই এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাই থাকে। এই মেচত প্ৰত্যাৱৰ্তন কৰা সুনীল নাৰিনে কোনো ৰান নকৰাকৈ আউট হয়। মেচখনৰ প্ৰথম অভাৰৰ তৃতীয় বলত নাৰিনৰ উইকেট দখল কৰি নিউজিলেণ্ডৰ পেচাৰ ট্ৰেণ্ট ব’ল্টে প্ৰথম আঘাত হানে। তাৰ পিছত আৰম্ভ হ’ল কলকাতাৰ বেটছমেনসকলৰ অহা-যোৱা খেল। ২৬.৭৫ কোটিৰ খেলুৱৈ ভেংকটেশ আয়াৰ (৩) পুনৰ ব্যৰ্থ হয়। প্ৰথম ৬ অভাৰত ৪১ ৰানত ৪ টা উইকেট হেৰুৱাই থৰকবৰক হৈ পৰে কেকেআৰ।

২৩ বছৰীয়া বাওঁহতীয়া পেচাৰ অশ্বিনী কুমাৰে ৰিংকু সিং (১৭), মনীষ পাণ্ডে (১৯) আৰু আন্দ্ৰে ৰাছেল (৫)ক এজন এজনকৈ আউট কৰে। এইবাৰৰ আই পি এলত প্ৰথমবাৰৰ বাবে সোমবাৰে ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিছিল মুম্বাই। আৰু  প্ৰথমবাৰেই দমনীয় প্ৰদৰ্শন। কেকেআৰৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে অংগকৃশ ৰঘুবংশীয়ে (২৬)। শেষৰ ফালে ৰমনদীপ সিঙে (২২)কিছু আক্ৰমণাত্মক খেলি সন্মান বচাবলৈ চেষ্টা কৰে। কিন্তু কেকেআৰে ১১৬ ৰানতকৈ বেছি ৰান কৰিব নোৱাৰিলে।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছ : ১১৬ (অংগকৃশ ২৬, ৰমনদীপ ২২)

মুম্বাই ইণ্ডিয়ানছ : ১২১/২ (ৰিকেলটন ৬২*, সূৰ্য্যকুমাৰ ২৭*)

মুম্বাই ইণ্ডিয়ানে ৮ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd