IPL 2024: ১০ বছৰৰ পাছত ৰোহিতক নেতৃত্বৰ পৰা আঁতৰালে মুম্বাইয়ে; কি ক’লে আম্বানীৰ দলটোৱে?

ৰোহিত শৰ্মা ১০ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আছিল। পৰৱৰ্তী ছিজনৰ পূৰ্বে তেওঁক মুকেশ আম্বানীৰ দলে আঁতৰাই দিছে। হাৰ্দিক পাণ্ডিয়াক নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ৰোহিতক আঁতৰাই মুম্বাইয়ে তেওঁৰ বিষয়ে বাৰ্তাও দিছে। পাঁচবাৰৰ আই পি এল বিজয়ী দলটোৱে ৰোহিত সম্পৰ্কত কি ক’লে?

মুম্বাই ইণ্ডিয়ানছৰ গ্ল’বেল হেড অৱ পাৰফৰমেন্স মহেলা জয়ৱৰ্ধনে ৰোহিতৰ অপসাৰণৰ খবৰ দিয়ে। ৰোহিতৰ বিষয়ে তেওঁ মুকলিকৈ কৈছে।

জয়ৱৰ্ধনে কয়, “মহান অধিনায়কত্বৰ বাবে ৰোহিতক ধন্যবাদ। ২০১৩ চনৰ পৰা মুম্বাইৰ নেতা হিচাপে তেওঁ বহুত ভাল কাম কৰিছে। কেৱল তেওঁৰ অধিনায়কত্বত মুম্বাইয়ে যথেষ্ট সফলতা লাভ কৰাই নহয়, ৰোহিতে আই পি এলৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিছে।“

লগতে পঢ়কঃ অৱসান ‘ৰোহিত’ যুগৰ: মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে নিযুক্ত পাণ্ডিয়া

জয়ৱৰ্ধনে কয় যে অধিনায়ক পদৰ পৰা অপসাৰণ হ’লেও দলটোক ৰোহিতৰ প্ৰয়োজন। তেওঁ কয়, ‘ৰোহিতৰ অধিনায়কত্বত আই পি এলৰ অন্যতম শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছে মুম্বাই। খেলপথাৰৰ ভিতৰত আৰু খেলপথাৰৰ বাহিৰত ৰোহিতৰ অভিজ্ঞতা অনাগত দিনতো দলটোৰ বাবে এক সম্পদ হিচাপে পৰিগণিত হ’ব। মই নিশ্চিত যে আমি তেওঁৰ পৰা সেইটো পাম।”

ৰোহিতৰ অধীনত হাৰ্দিকে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তাৰ পৰাই জাতীয় দলৰ বাবে সুযোগ আহিছে। যদিও যোৱা দুবছৰত তেওঁ মুম্বাইৰ হৈ খেলা নাছিল।

হাৰ্দিক গুজৰাট টাইটানছলৈ গৈছিল। সেই দলৰ অধিনায়ক হিচাপে হাৰ্দিকে আই পি এলত জয়লাভ কৰিছিল। মুম্বাইয়ে এইবাৰ তেওঁক নাটকীয়ভাৱে কিনিলে। তেতিয়াই আৰম্ভ হৈছিল জল্পনা-কল্পনা। অৱশেষত সেইটোৱে হ’ল। পাঁচবাৰৰ আই পি এল বিজয়ী অধিনায়কগৰাকীৰ ঠাইত হাৰ্দিকক দায়িত্ব দিয়া হ’ল।