হামাছৰ সমৰ্থনত পোষ্ট লিখাৰ বাবে চাকৰি হেৰুৱালে শিক্ষয়িত্ৰীয়ে

ছচিয়েল মিডিয়াত হামাছ-ইজৰাইল সংঘাতৰ বিষয়ে এটা লেখা প্ৰকাশ কৰি চাকৰি হেৰুৱালে মুম্বাইৰ এগৰাকী বিদ্যালয়ৰ অধ্যক্ষই। বৰ্খাস্ত অধ্যক্ষ পাৰবীন শ্বেখে অভিযোগ কৰে যে বিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্ত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

মুম্বাইৰ বিদ্যালয়খনৰ নাম সোমাইয়া বিদ্যাবিহাৰ।শেহতীয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই এক বিবৃতি প্ৰকাশ কৰি অধ্যক্ষক অপসাৰণ কৰাৰ সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰে। তেওঁলোকে কয়, ‘শেহতীয়াকৈ পাৰবীন শ্বেখৰ ব্যক্তিগত ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ আমাৰ দৃষ্টিগোচৰ হৈছে। সোমাইয়া স্কুলত তেওঁ উচ্চ পদত অধিষ্ঠিত আছিল। আমি তেওঁৰ পোষ্টবোৰ আমি পালন কৰা মূল্যবোধৰ সৈতে অসঙ্গতিপূৰ্ণ বুলি বিবেচনা কৰোঁ। আমি মত প্ৰকাশৰ স্বাধীনতাক তীব্ৰ সমৰ্থন জনাইছো। আমিও বিশ্বাস কৰোঁ যে মত প্ৰকাশৰ স্বাধীনতা নিৰপেক্ষ নহয়। আনৰ প্ৰতি থকা দায়িত্ব মনত ৰাখি আৰু তেওঁলোকৰ মৰ্যাদা ৰক্ষা কৰি মতামত প্ৰকাশ কৰিব লাগে। আমাৰ ঐক্য আৰু সৰ্বাংগীন নীতি নিশ্চিত কৰিবলৈ সোমাইয়া বিদ্যাবিহাৰে পাৰবীন শ্বেইখৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিলে।’

জানিব পৰা মতে, পাৰবীন শ্বেখক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পূৰ্বে তেওঁৰ বিষয়ে এটা নিউজ পৰ্টেলত বাতৰি প্ৰকাশ পোৱাৰ পাছত পদত্যাগ কৰিবলৈ কোৱা হৈছিল৷খবৰ অনুসৰি পাৰবীন শ্বেখে পেলেষ্টাইন আৰু হামাছৰ হৈ ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰিছে।

১৪ এপ্ৰিলত এই খবৰ বিয়পি পৰাৰ পাছত শিক্ষকগৰাকীৰ সৈতে দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ১৬ এপ্ৰিলত পদত্যাগ কৰিবলৈ কোৱা হয়। পাৰবীন শ্বেখে কৰ্তৃপক্ষৰ সিদ্ধান্ত মানি ল’বলৈ সন্মত নহয় বুলি কয়। তেওঁ উত্তৰ দিলে, বাৰ বছৰ সেৱাৰ অন্তত পাঁচ বছৰৰ মূৰত মই অধ্যক্ষ হৈ পৰিলোঁ। কিয় পদত্যাগ কৰিম?

চাকৰিৰ পৰা বৰ্খাস্ত অধ্যক্ষগৰাকীয়ে কয় যে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক লিখিতভাৱে স্পষ্টীকৰণ দিবলৈ কোৱা হৈছিল। এই বিষয়ে কথা পাতি থাকোঁতে কিছুদিন পাছত ছ’চিয়েল মিডিয়াৰ পৰা গম পালে যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। শেহতীয়াকৈ পাৰবীনে কৈছে যে, দেশৰ আইন-আদালতৰ ওপৰত মোৰ আস্থা আছে।মই আইনী যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছো।