মুম্বাইত সংঘটিত হৈছে এক নিৰ্মম হত্যাকাণ্ড। এজন নাবালকক তেওঁৰ সমকামী সংগীয়য়ে শীতল পানীয়ত বিষ মিহলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। হত্যাকাণ্ডত ব্যৱহৃত শীতল পানীয়ৰ বটল আৰু গিলাচ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ নিশ্চিত কৰা সম্ভৱ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত নাবালকজনৰ পিতৃয়ে অভিযোগ মতে তেওঁৰ ১৬ বছৰীয়া পুত্ৰই ২৯ জুনত ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু ৰাতি হোৱাৰ পিছতো ঘূৰি নাহিল। পৰিয়ালে সকলো ঠাইত বিচাৰি ফুৰাৰ পিছতো কোনো সন্ধান নাপালে। পিছদিনা এজন বন্ধুৰ পৰা জানিব পাৰিলে যে নাবালকজন অভিযুক্তৰ ঘৰলৈ গৈছিল। পৰিয়ালৰ লোকে অভিযুক্তৰ ঘৰত উপস্থিত হৈ দেখিলে যে নাবালকজন বিচনাত নিশ্চল হৈ পৰি আছে আৰু অভিযুক্ত তেওঁৰ কাষত বহি আছে। চিকিৎসকক খবৰ দিয়াত তেওঁ পৰীক্ষা কৰি নাবালকজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে, যদিও মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তত প্ৰকাশ পাইছে যে চাৰি মাহ পূৰ্বে অভিযুক্তই নাবালকজনক নাগপুৰলৈ লৈ গৈছিল, য’ত তেওঁলোকৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল। পৰিয়ালে এই সম্পৰ্কৰ কথা জানিব পাৰি অভিযুক্তৰ সৈতে যোগাযোগ বন্ধ কৰিবলৈ নাবালকক নিৰ্দেশ দিছিল। এই খঙতে অভিযুক্তই নাবালকক ঘৰলৈ মাতি শীতল পানীয়ত বিষ মিহলাই হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।