NORTHEAST NOW (Assamese)

Northeast Now journalist awarded: উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

November 15, 2021 2:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 15, 2021 3:18 pm

আজি ঘোষণা কৰা হৈছে ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীৰ নাম। এই বৰ্ষৰ এই সন্মানীয় এই বঁটা লাভ কৰিছে প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে। গগৈয়ে তেওঁৰ প্ৰথম গল্প সংকলন চকী আৰু অন্যান্য গল্পৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছে।

উল্লেখ্য যে সাহিত্যিক, সমালোচক তথা সাংবাদিক প্ৰয়াত মুনীন বৰকটকীদেৱৰ সোঁৱৰণত মুনীন বৰকটকী স্মাৰক ন্যাসে অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখকসকলক উদগনি জনাবলৈ প্ৰতি বছৰে মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰি আহিছে।

১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।

প্ৰতিভাৱান প্ৰদ্যুম্ন কুমাৰ গগৈ এগৰাকী অনুবাদকো। তেওঁ অসমত অনুবাদৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। বিশেষকৈ বিশ্বৰ প্ৰতিষ্ঠিত প’প তাৰকা আৰু ৰকষ্টাৰসকলৰ বিশ্ববিখ্যাত গানসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি আহিছে। গগৈক বিশ্ব বিখ্যাত প’প আৰু ৰক গানসমূহ অসমীয়ালৈ অনুবাদ কৰা বাটকটীয়া বুলিও ক’ব পাৰি।

২০১৮ চনত ইমাজিন নামেৰে গগৈয়ে ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰা বহু বিশ্ববিখ্যাত গানৰ এক সংকলন প্ৰকাশ কৰিছিল।

বিশ্ব সাহিত্যৰে অতি ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা গগৈ যথেষ্ট অধ্যয়নপুষ্ট চলচ্চিত্ৰৰসিকৰ লগতে চিত্ৰ সমালোচকো। ২০২১ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰা প্ৰতিভাৱান গল্পকাৰ নৰ্থইষ্ট নাওত সাংবাদিকৰূপে কৰ্মৰত প্ৰদ্যুম্ন কুমাৰ গগৈলৈ নৰ্থইষ্ট নাওৰ পৰিয়ালৰ পৰা অভিনন্দন জ্ঞাপন কৰিলো।

Related News