NORTHEAST NOW (Assamese)

কৰিমগঞ্জত আৰক্ষীৰ হাতৰ পৰাই পলাল পত্নী হত্যাৰ অভিযুক্ত

September 16, 2018 9:51 pm · এন ই নাও নিউজ

কৰিমগঞ্জত পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত এজন লোক আৰক্ষীৰ হাতৰ পৰাই পলাই যাবলৈ সক্ষম হোৱাত স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰামতে, কৰিমগঞ্জৰ পাথু গাৱঁৰ নাচিৰ উদ্দিনে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী চুৰহানা পাৰবীনৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। বিশেষকৈ যৌতুক বিচাৰি হাৰাশাস্তি চলাইছিল নিজৰ পত্নীক।

কিন্তু ১৫ ছেপ্তেম্বৰৰ নিশা নাচিৰ উদ্দিনে পাৰবীনক হত্যা কৰা বুলি ৰাইজে জানিব পাৰি কৰিমগঞ্জ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে নিশা ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত নাচিৰ উদ্দিনক আটকো কৰে। কিন্তু আৰক্ষীক ফাঁকি দি নাছিৰ উদ্দিন আৰক্ষীৰ গাড়ীৰ পৰাই যায়।

অভিযুক্ত আৰক্ষীৰ হাতৰ পৰাই পলাই যোৱা ঘটনাটোত বিতুষ্ট হৈ পৰা পাৰবীনৰ আত্মীয় তথা স্থানীয় ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকে আৰক্ষীৰ ভূমিকাত সন্দেহৰ গোন্ধ পাইছে।

আনহাতে জানিব পৰামতে, আজি কৰ্তব্যৰ হেমাহিৰ বাবে কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লম্বিত গগৈৰ গাড়ীচালক আৰু পি এছ অ’ক নিলম্বন কৰা হয় বুলি জানিব পৰা গৈছে।

 

Related News