অসমৰ মহিলাক হত্যাৰ প্ৰতিবাদত অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুমকি আমছুৰ

Murder-570x320

লখিমপুৰৰ নাওবৈচাৰ অন্তৰ্গত বৰচলা নিবাসী এগৰাকী মহিলা শ্ৰমিকক অৰুণাচলত হত্যা কৰাৰ লগতে তেওঁৰ স্বামীকো গুৰুতৰভাৱে আহত কৰাৰ ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমছুৱে চুবুৰীয়া ৰাজ্যখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা মহিলাগৰাকীৰ হত্যাৰ উচিৎ ক্ষতিপূৰণ দাবী কৰিছে।

ঘটনাৰ বিৱৰণি মতে, আয়েছা খাতুন (৪৫) নামৰ মহিলাগৰাকীক অৰুণাচলৰ নাহৰলগুনৰ পাপু বস্তিত বুধবাৰে নিশা ৩জন আততায়ীয়ে হত্যা কৰে। মহিলাগৰাকীৰ স্বামী ৰমজান আলীও (৫৫) আততায়ীকেইজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণৰ সময়ত দম্পতীহাল তেওঁলোকৰ খেতি পথাৰত থকা পঁজাঘৰত আশ্ৰয় লৈ আছিল।

উল্লেখ্য যে  দম্পতীহালে বিগত ২০ বছৰ ধৰি অৰুণাচলত কৃষি বনুৱা হিচাপে জীৱন নিৰ্বাহ কৰি আছিল।

মহিলাগৰাকীৰ হত্যাৰ প্ৰতিবাদত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা অৰ্থাৎ আমছুৰ লখিমপুৰ গোটে বিষয়টো উত্তৰ লখিমপুৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে আৰু আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী তোলে। লগতে নিহত মহিলাগৰাকীৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী তোলে।

এগৰাকী আমছু নেতাই কৈছে যে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৩জন আততায়ীক চিনাক্ত কৰিছে কিন্তু এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত আছে। অৰুণাচল প্ৰদেশৰ প্ৰশাসনে যদিহে সংগঠনটোৰ দাবী মানি নলয়, তেন্তে অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰাৰ হুমকি দিছে আমছুৱে।