NORTHEAST NOW (Assamese)

চাঞ্চল্যকৰ! ইংলেণ্ডত মহাকাশৰ পৰা সৰিল পৃথিৱীতকৈও পুৰণি এটুকুৰা শিল…

March 10, 2021 5:34 pm · এন ই নাও নিউজ

লণ্ডনৰ ‘নেচাৰেল হিষ্ট’ৰী মিউজিয়াম’ত সংগ্ৰহ কৰি ৰখা এটুকুৰা শিলৰ টুকুৰাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মিউজিয়ামটোৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এটা প’ষ্টত ‘মেটেৰিয়ৰিট’ প্ৰজাতীৰ শিলৰ টুকুৰাটোৰ বয়স চাৰি বিলিয়ন বছৰ বুলি কোৱা হৈছে, যিসময়ত সূৰ্যৰো বয়স কম আছিল।

প’ষ্টটোত কোৱা হৈছে যে শিলৰ টুকুৰাটোৱে অসংখ্য ত্ৰিলিয়ন কিলোমিটাৰ ভ্ৰমণ কৰি কৰি অৱশেষত মিউজিয়ামত নিজৰ যাত্ৰা সমাপ্ত কৰিছে।

প’ষ্টটোত মিউজিয়ামটোৱে এটা ব্লগৰো লিংক সংলগ্ন কৰিছে, য’ত শিলটুকুৰাৰ বিষয়ে সবিশেষ লিখা হৈছে।

 

View this post on Instagram

 

A post shared by Natural History Museum (@natural_history_museum)

ক’লাৰঙৰ দুষ্প্ৰাপ্য শিলটুকুৰা ইংলেণ্ডত পোৱা হৈছিল।

প’ষ্টটোত সন্নিৱিষ্ট লিংকটোত কোৱামতে, ইংলেণ্ডৰ গ্ল’চেষ্টাৰশ্বায়াৰৰ ৱিন্সকম্বে নামৰ ঠাইখনত ২৮ ফেব্ৰুৱাৰীৰ ৰাতি এঘৰ মানুহে ওপৰৰ পৰা কিহবা পৰাৰ শব্দ শুনে।

ৰাতিপুৱা ঘৰৰ বাগিচাত তেওঁলোকে দেখে যে এটুকুৰা শিল পৰি আছে।

লগালগ তেওঁলোকে বিজ্ঞানী সংস্থা এটাৰ স’তে যোগাযোগ কৰে।

বিজ্ঞানীসকলে শিলৰ টুকুৰাটো মহাকাশৰ পৰা সৰা বুলি নিশ্চিত হয়।

বিজ্ঞানীসকলে শিলৰ টুকুৰাটো পৃথিৱীৰ সৃষ্টিৰ আগতেই গঠন হোৱা বুলি অনুমান কৰিছে।

উক্ত শিলটুকুৰাৰ উপৰিও মানুহঘৰৰ বাগিচাত কিছু দিনলৈকে কেইবাটুকুৰাও এনেধৰণৰ শিলৰ টুকুৰা পোৱা গৈছে বুলি মিউজিয়ামটোৰ এজন গৱেষক ডঃ এছলী কিঙে ব্লগটোত লিখিছে।

”দেখিবলৈ ই কয়লাৰ দৰে। ৰং অত্যন্ত ক’লা, কিন্তু ই বহুত কোমল আৰু বিৰাট ভংগুৰ।”- গৱেষকজনে লিখিছে।

ইনষ্টাগ্ৰামত প’ষ্টটো শ্বেয়াৰ কৰাৰ পাছতে অসংখ্য লোকে কমেণ্ট বক্সত শিলটুকুৰাৰ বিষয়ে উৎসুকী হৈ পৰিছে।

Related News