• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ নুছাৰত জাহানে দুৰ্গাক আৰাধনা কৰাৰ বাবে ক্ষুব্ধ হৈ উঠিছে মুছলমান মৌলবী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 8:46 am
1-4-1140x570

তৃণমূল সাংসদ নুছাৰত জাহানে স্বামীৰ সৈতে দুৰ্গা পূজা উপভোগ কৰিছে। ফটো: ডিএন এ ইণ্ডিয়া ডটকম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত মুছলমান গাঁৱবাসীয়ে ১০০০ বছৰ পুৰণি কালী মন্দিৰৰ সেৱা আগবঢ়াই অহাৰ সময়তে তৃণমূল সাংসদ নুছাৰত জাহানে দুৰ্গা পূজা উৎসৱত উপস্থিত থকাৰ বাবে এগৰাকী মুছলমান মৌলবীয়ে সমালোচনাত মুখৰ হৈ পৰিছে।

বাতৰি অনুসৰি, এগৰাকী আগশাৰীৰ মুছলমান মৌলবীয়ে সোমবাৰে নুছাৰত জাহানক সমালোচনা কৰি কৈছে যে জনপ্ৰিয় বাংলা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নাম আৰু ধৰ্ম সলনি কৰা উচিত কিয়নো তেওঁ তেওঁৰ কাৰ্যৰ দ্বাৰা ‘ইছলাম আৰু মুছলমানৰ মৰ্যাদা হানি কৰিছে’।

Apply Now

বছিৰহাটৰ সাংসদ জাহানে প্ৰথমবাৰৰ বাবে যোৱাটো সংসদীয় নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁ চলিত বছৰৰ প্ৰথম ভাগত এগৰাকী হিন্দু ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত হিন্দু বৈবাহিক জীৱনৰ প্ৰতীক ‘মংগলসূত্ৰ আৰু সেন্দুৰ’ পৰিধান কৰাৰ বাবে মুছলমান মৌলবীৰ ৰোষৰ বলি হয়।

দাৰুল উলুম দেওবন্দৰ সৈতে জড়িত এগৰাকী মৌলবী মুফটি আছাদ কাছিমীৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছেঃ ‘’ এইয়া নতুন কথা নহয়। ইছলামে ইয়াৰ অনুগামীসকলক একমাত্ৰ ‘আল্লা’ক প্ৰাৰ্থনা কৰা নিৰ্দেশ দিয়া সত্ত্বেও তেওঁ হিন্দুৰ দেৱতাক পূজা আগবঢ়াইছে। তেওঁ যিটো কৰিছে সেয়া ‘হাৰাম’(পাপ)।

মৌলবীগৰাকীয়ে এটা টিভি চেনেলক কৈছেঃ ‘’তেওঁ লগতে ধৰ্মৰ বাহিৰত বিয়া হৈছে। তেওঁ নিজৰ নাম আৰু ধৰ্ম সলনি কৰা উচিত।‘’

‘’যিয়ে মুছলমান নাম ধাৰণ কৰি ইছলাম আৰু মুছলমানৰ মৰ্যাদা হানি কৰিছে তেনে লোকক ইছলামৰ প্ৰয়োজন নাই,’’-কাছিমীয়ে কয়।

দেওবাৰে জাহানে সুৰুচি সংঘই আয়োজন কৰা দুৰ্গা পূজা উৎসৱত উপস্থিত হোৱা দেখা গৈছিল।

তেওঁ শাৰী পিন্ধাৰ উপৰি সেন্দুৰ পৰিধান কৰিছিল।

সাংসদ জাহানে উৎসৱত উপস্থতি হোৱাৰ পাছত সংবাদ মাধ্যমক কৈছিল যে তেওঁ সকলোৰে শান্তি আৰু সমৃদ্ধি কামনাৰে প্ৰাৰ্থনা জনাইছে।

জাহানৰ উদ্ধৃতি দি সংবাদ মাধ্যমত কোৱা হৈছেঃ ‘’বেংগলত আমি সকলোৱে সকলো উৎসৱ একেলগে উদযাপন কৰো। মই সদায় উৎসৱত অংশ লৈ আনন্দ উপভোগ কৰো।‘’

এক সৰ্বাংগীন ভাৰতক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা অভিনেত্ৰীগৰাকীয়ে এগৰাকী মুছলমান হৈও দুৰ্গা পূজা উদযাপন কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত জাহানে কয়,’’মই সমালোচনাক খাতিৰ নকৰো। বিতৰ্কই মোক স্পৰ্শ কৰিব পাৰিব? নোৱাৰে।‘’

উল্লেখযোগ্য যে নামনি অসমৰ কোকৰাঝাৰ জিলাৰ বৰুৱাপাৰা গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উদাহৰণ দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।

গাঁৱখনৰ বাসিন্দাসকলে বিগত কেইবাবছৰো ধৰি মন্দিৰৰ সেৱা-সৎকাৰ কৰি আহিছে।

গাঁৱবাসীয়ে কয় যে তেওঁলোকে মন্দিৰটোৰ সেৱা কৰি মনত শান্তি লাভ কৰে আৰু মন্দিৰটো দৰ্শন কৰিবলৈ যোৱা লোকসকলে তেওঁলোকৰ এই কামক প্ৰশংসা কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd