• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংসদ নুছাৰত জাহানে দুৰ্গাক আৰাধনা কৰাৰ বাবে ক্ষুব্ধ হৈ উঠিছে মুছলমান মৌলবী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 8:46 am
1-4-1140x570

তৃণমূল সাংসদ নুছাৰত জাহানে স্বামীৰ সৈতে দুৰ্গা পূজা উপভোগ কৰিছে। ফটো: ডিএন এ ইণ্ডিয়া ডটকম

6.6k
VIEWS
Share on FacebookShare on Twitter

অসমত মুছলমান গাঁৱবাসীয়ে ১০০০ বছৰ পুৰণি কালী মন্দিৰৰ সেৱা আগবঢ়াই অহাৰ সময়তে তৃণমূল সাংসদ নুছাৰত জাহানে দুৰ্গা পূজা উৎসৱত উপস্থিত থকাৰ বাবে এগৰাকী মুছলমান মৌলবীয়ে সমালোচনাত মুখৰ হৈ পৰিছে।

বাতৰি অনুসৰি, এগৰাকী আগশাৰীৰ মুছলমান মৌলবীয়ে সোমবাৰে নুছাৰত জাহানক সমালোচনা কৰি কৈছে যে জনপ্ৰিয় বাংলা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নাম আৰু ধৰ্ম সলনি কৰা উচিত কিয়নো তেওঁ তেওঁৰ কাৰ্যৰ দ্বাৰা ‘ইছলাম আৰু মুছলমানৰ মৰ্যাদা হানি কৰিছে’।

বছিৰহাটৰ সাংসদ জাহানে প্ৰথমবাৰৰ বাবে যোৱাটো সংসদীয় নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁ চলিত বছৰৰ প্ৰথম ভাগত এগৰাকী হিন্দু ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত হিন্দু বৈবাহিক জীৱনৰ প্ৰতীক ‘মংগলসূত্ৰ আৰু সেন্দুৰ’ পৰিধান কৰাৰ বাবে মুছলমান মৌলবীৰ ৰোষৰ বলি হয়।

দাৰুল উলুম দেওবন্দৰ সৈতে জড়িত এগৰাকী মৌলবী মুফটি আছাদ কাছিমীৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছেঃ ‘’ এইয়া নতুন কথা নহয়। ইছলামে ইয়াৰ অনুগামীসকলক একমাত্ৰ ‘আল্লা’ক প্ৰাৰ্থনা কৰা নিৰ্দেশ দিয়া সত্ত্বেও তেওঁ হিন্দুৰ দেৱতাক পূজা আগবঢ়াইছে। তেওঁ যিটো কৰিছে সেয়া ‘হাৰাম’(পাপ)।

মৌলবীগৰাকীয়ে এটা টিভি চেনেলক কৈছেঃ ‘’তেওঁ লগতে ধৰ্মৰ বাহিৰত বিয়া হৈছে। তেওঁ নিজৰ নাম আৰু ধৰ্ম সলনি কৰা উচিত।‘’

‘’যিয়ে মুছলমান নাম ধাৰণ কৰি ইছলাম আৰু মুছলমানৰ মৰ্যাদা হানি কৰিছে তেনে লোকক ইছলামৰ প্ৰয়োজন নাই,’’-কাছিমীয়ে কয়।

দেওবাৰে জাহানে সুৰুচি সংঘই আয়োজন কৰা দুৰ্গা পূজা উৎসৱত উপস্থিত হোৱা দেখা গৈছিল।

তেওঁ শাৰী পিন্ধাৰ উপৰি সেন্দুৰ পৰিধান কৰিছিল।

সাংসদ জাহানে উৎসৱত উপস্থতি হোৱাৰ পাছত সংবাদ মাধ্যমক কৈছিল যে তেওঁ সকলোৰে শান্তি আৰু সমৃদ্ধি কামনাৰে প্ৰাৰ্থনা জনাইছে।

জাহানৰ উদ্ধৃতি দি সংবাদ মাধ্যমত কোৱা হৈছেঃ ‘’বেংগলত আমি সকলোৱে সকলো উৎসৱ একেলগে উদযাপন কৰো। মই সদায় উৎসৱত অংশ লৈ আনন্দ উপভোগ কৰো।‘’

এক সৰ্বাংগীন ভাৰতক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা অভিনেত্ৰীগৰাকীয়ে এগৰাকী মুছলমান হৈও দুৰ্গা পূজা উদযাপন কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত জাহানে কয়,’’মই সমালোচনাক খাতিৰ নকৰো। বিতৰ্কই মোক স্পৰ্শ কৰিব পাৰিব? নোৱাৰে।‘’

উল্লেখযোগ্য যে নামনি অসমৰ কোকৰাঝাৰ জিলাৰ বৰুৱাপাৰা গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উদাহৰণ দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।

গাঁৱখনৰ বাসিন্দাসকলে বিগত কেইবাবছৰো ধৰি মন্দিৰৰ সেৱা-সৎকাৰ কৰি আহিছে।

গাঁৱবাসীয়ে কয় যে তেওঁলোকে মন্দিৰটোৰ সেৱা কৰি মনত শান্তি লাভ কৰে আৰু মন্দিৰটো দৰ্শন কৰিবলৈ যোৱা লোকসকলে তেওঁলোকৰ এই কামক প্ৰশংসা কৰি আহিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd