• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মুছলমান’ হোৱাৰ বিড়ম্বনা! মুছলমান পৰিয়ালক গাঁও এৰিবলৈ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 4:10 pm
Muslim family ‘beaten up, asked to leave village’
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে সাম্প্ৰদায়িক মনোভাৱৰ। দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰলৈ আহিছে ক্ৰমাৎ ভাবুকি।

শাসনাধিষ্ঠ বিজেপি দল আৰু তেওঁলোকৰ ৰাজনৈতিক আদৰ্শৰ অভিভাৱক আৰএছআৰএছএছ- এ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰৰ ৰূপ দিবলৈ কৰা প্ৰচেষ্টাৰ সমান্তৰাল ভাৱে হিন্দুত্ববাদী আদৰ্শপুষ্ট এচামে এই আদৰ্শক প্ৰতিনিয়ত ৰূপায়ণ কৰিব ধৰিছে।

ভক্তিৰসৰ ‘জয় শ্ৰী ৰাম’ ধ্বনিয়ে লৈছে ক্ৰমাৎ সাম্প্ৰদায়িক শক্তিৰ শ্ল’গানৰ ৰূপ।

যোৱা নিশা মধ্য প্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এনে এক ঘটনা।

মধ্য প্ৰদেশৰ ইন্দোৰৰ ওচৰৰ কাম্পেল গ্ৰামপঞ্চায়তত বাস কৰা সাতজনীয়া এটা মুছলমান পৰিয়ালক শনিবাৰে নিশা প্ৰায় ৮.৩০ বজাত ১০০ তকৈও অধিক লোকৰ দলে প্ৰহাৰ কৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে এই বৃহৎ গোটটোৱে পৰিয়ালটোক ঘৰটো খালী কৰি গাওঁ এৰি যাবলৈ ভাবুকি দি আহিছে।

Apply Now

পৰিয়ালটোৱে অভিযোগ কৰিছিল যে ঘৰ খালি কৰি গাঁৱৰ পৰা আঁতৰি নোযোৱাৰ বাবে এই লোকসকলে জয় শ্ৰী ৰাম ধ্বনি উচ্চাৰণ কৰি তেওঁলোকক প্ৰহাৰ কৰিছিল।

পৰিয়ালটোৰ সদস্য শ্বাহৰুখ লোহাৰে এই সম্পৰ্কে কয়, “তেওঁলোকে ওচৰতে পৰি থকা ৰডবোৰ ব্যৱহাৰ কৰি আমাক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে মোৰ দেউতাক বাৰে বাৰে আঘাত কৰিবলৈ ধৰিছিল আৰু যেতিয়া মোৰ খুৰাই হস্তক্ষেপ কৰিছিল তেওঁলোকে তেওঁকো প্ৰহাৰ কৰিছিল। তেওঁলোকে কৈছিল যে ঘৰ খালী নকৰিলে ভয়ানক পৰিণামৰ সন্মুখীন হ’ব লাগিব।”

শ্বাহৰুখৰ ভগ্নী ফৌজিয়াৰ ভাষ্য মতে আক্ৰমণকাৰী লোকসকল গাড়ীত আহিছিল। ফৌজিয়াই মোবাইলেৰে ঘটনাটো ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰোঁতে আক্ৰমণকাৰী সকলৰ একাংশই তেওঁৰ হাতত ধৰি বাহিৰলৈ টানি নিছিল আৰু হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ টুকুৰা টুকুৰ কৰি পেলাইছিল।

প্ৰায় ২৫ মিনিট ধৰি পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলিছিল। এই আক্ৰমণৰ বিৰুদ্ধে গোচৰ দিবলৈ পৰিয়ালটোৱে ওচৰৰে খুদেল আৰক্ষী চকীত উপস্থিত হয়।

থানাৰ পৰাতেওঁলোকক চিকিৎসা পৰীক্ষাৰ বাবে ইন্দোৰৰ মহাৰাজা যশৱন্তৰাও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত তেওঁলোকৰ অভিযোগৰ ভিত্তিত থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।

শ্বাহৰুখৰ মতে এই আক্ৰমণকাৰীসকলে আগতেও পৰিয়ালটোক গাওঁখন এৰি যাবলৈ ভাবুকি দিছিল। তেওঁলোকে এই বিষয়ে গাওঁ পঞ্চায়তত গোচৰ দিছিল আৰু পঞ্চায়ত প্ৰধানকৈ অৱগত কৰিছিল।

ভাড়াঘৰত বাস কৰা পৰিয়ালটোৱে ওচৰতে মাটি ক্ৰয় কৰা কথা আছিল যদিও ভাবুকিৰ পিছত এই সিদ্ধান্ত বাতিল কৰে।

ভুক্তভোগী পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত খুদেল আৰক্ষীয়ে আইপিচিৰ ধাৰা ৩২৩, ৫০৬, ২৯৪, ৪২৭, ১৪৭ আৰু ১৪৮ – ৰ অধীনত নজন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে।

আনহাতে খুদেল আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বিশ্বজিৎ তোমৰে ঘটনাটো সম্পৰ্কত আন এক অভিযোগহে অৱতাৰণা কৰিছে। তেওঁ কয় যে, “লোহাৰ পৰিয়ালটোক ট্ৰলী নিৰ্মাণৰ বাবে আন টো গোটে কিছু টকা দিছিল। কিন্তু তেওঁলোকে ট্ৰলীখন তৈয়াৰ কৰা নাছিল বা তেওঁলোকে টকা ঘূৰাই দিয়া নাছিল। ইয়াৰ ফলতে ঘটনাটো আৰম্ভ হয় আৰু দুয়োটা গোটৰ মাজত সংঘৰ্ষ হৈছিল। গাওঁখনৰ ওচৰত বাস কৰা বিকাশ পেটেলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আন এটা অভিযোগ পঞ্জীয়ন কৰা হৈছ।”

আক্ৰমণকাৰী সকল আৰএছএছৰ বুলি পৰিয়ালটোৱে কৰা অভিযোগৰ বিষয়ে সোধাত আৰু তেওঁলোকক এমাহ আগতে গাওঁ এৰি যাবলৈ ভাবুকি দিয়াৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তোমৰে এনে কোনো তথ্য পোৱাৰ কথা অস্বীকাৰ কৰে।

কিন্তু তোমৰৰ এনে অভিযোগক ভুৱা আখ্যা দিছে উচ্চতম ন্যায়ালয়ত অনুশীলন কৰি থকা অধিবক্তা এহতেছম হাছমীয়ে।

হাছমীৰ ভাষ্য অনুসৰি তেওঁ শনিবাৰে নিশা পৰিয়ালটোৰ পৰা ফোন পাইছিল আৰু চিকিৎসা পৰীক্ষাৰ বাবে মহাৰাজা যশৱন্তৰাও চিকিৎসালয়লৈ প্ৰেৰণ কৰাত তেওঁ তাত উপস্থিত হৈছিল। আৰক্ষীয়ে পঞ্জীয়ন কৰা ক্ৰছ-অভিযোগক সম্পূৰ্ণ প্ৰৱঞ্চনা বুলি তেওঁ অভিযোগ কৰিছে।

তেওঁ কৰা অভিযোগ অনুসৰি পৰিয়ালটোৱে আৰক্ষীক দিয়া লিখিত আবেদনৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পৰিৱৰ্তে তিনি – চাৰিজন উপ-পৰিদৰ্শকে শ্বাহৰুখৰ সৈতে কথা পাতে আৰু তাৰ পিছত দৰিদ্ৰ পৰিয়ালটোক হেঁচা দিবলৈ এটা ভুৱা এজাহাৰ পঞ্জীয়ন কৰিছে।

গতিকে ঘটনাটোৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। আৰক্ষীয়ে আক্ৰমণকাৰী গোটটোক সুৰক্ষা দি ভুক্তভূগী পৰিয়ালটোৰ ওপৰত ভুৱা অভিযোগ পঞ্জীয়ন কৰিছে বুলি চৰ্চিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd