• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়াই ভাৰত: কাশ্মীৰী পণ্ডিতৰ শেষকৃত্য সম্পন্ন কৰি মুছলমান চুবুৰীয়াই দাঙি ধৰিলে সম্প্ৰীতিৰ বিনন্দীয়া নিদৰ্শন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2023 7:52 pm
Muslim Neighbours Help Perform Last Rites
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনৈক্যৰ মাজত ঐক্য, সহজ অৰ্থত এয়াই ভাৰতীয় সমাজৰ পৰিচয়। এই পৰিচয়কে বহন কৰি চলি আহিছে সময়; এই পৰিচয়কে দাঙি ধৰি ভাৰতীয় হিচাপে গৌৰৱময় চিনাকি দি আহিছে ভাতৃত্ববোধেৰে উদ্বুদ্ধ প্ৰতিগৰাকী নাগৰিকে।

সময়ে সময়ে এই পৰিচয়লৈ নামি আহিছে অনাহক ভাবুকি। ৰাজনৈতিক হাতোৰাৰ কলুষিত আঁচোৰত এই গৌৰৱময় পৰিচয়ত লাগিছে দাগ। কিন্তু তাৰ পিছতো এই দাগত ভাতৃত্ববোধৰ ঔষধ ৰূপেৰে সজাই তুলিছে সম্প্ৰীতিৰ মনোমোহা ছবি।

Apply Now

তেনে এক ছবিৰেই পুনৰ এবাৰ জাতিষ্কাৰ হৈ পৰিছে ভাৰতীয় সমাজ। ধৰ্মীয় উন্মাদনাই আনি দিয়া ভাঙোন প্ৰতিহত কৰি কাশ্মীৰৰ একাংশ মুছলমান লোকে দেখুৱাইছে সম্প্ৰীতিৰ অপূৰ্ব বান্ধোন। এই ছবিয়েই পুনৰবাৰ উদ্বুদ্ধ কৰি তুলিছে দেশবাসীক।

এই ঘটনা জম্মু-কাশ্মীৰৰ। উপত্যকাটোৰ পাম্পোৰ চহৰৰ দ্ৰাংগাবলস্থিত নিজা বাসগৃহত মঙলবাৰে বিয়লি প্ৰায় ৫.০০ বজাত মৃত্যু হয় অশোক কুমাৰ ৱাংগুৰ নামৰ এগৰাকী কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ ব্যক্তিৰ। মুহূৰ্তৰ ভিতৰতে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰে অঞ্চলটোত।

ৱাংগুৰৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে কম সময়ৰ ভিতৰতে তেওঁৰ গৃহত সমবেত হয় অঞ্চলটোৰ মুছলমান ধৰ্মাৱলম্বী লোকসকল। কাশ্মীৰী পণ্ডিত সমাজেও ৱাংগুৰৰ মৃতদেহ জম্মুলৈ নিয়াৰ পৰিৱৰ্তে সেই স্থানতে তেওঁৰ অন্তিম সৎকাৰ তথা ৰীতি-নীতি সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।

এই সমগ্ৰ সময়ছোৱাত কাশ্মীৰী পণ্ডিত সমাজত সহযোগিতা আগবঢ়ায় স্থানীয় মুছলমান লোকসকলে। পুৰুষ-মহিলা-শিশু সকলোৱে একেলগে সম্পন্ন কৰে ৱাংগুৰৰ শেষকৃত্য। অৱশ্যে এয়া স্থানীয় লোকসকলৰ বাবে নাছিল কোনো খবৰ হ’বলগীয়া দৃশ্য!

স্থানীয় এগৰাকী কাশ্মীৰী পণ্ডিতে এই সম্পৰ্কে দিয়া ভাষ্য মতে, এয়া তেওঁলোকৰ বাবে কোনো নতুন কথা নহয়। দিনৰ পিছত দিন ধৰি অঞ্চলটোত চলি আহিছে এই পৰম্পৰা। তেওঁৰ মন্তব্য, ‘এয়াই কাশ্মীৰিয়ত’। অৱশ্যে বৰ্তমান সময়ত এই দৃশ্যই প্ৰকৃততেই এক বিশেষ দিশ বহন কৰা বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মৃত ৱাংগুৰৰ শৈশৱৰ সহপাঠী তথা মুছলমান প্ৰতিবেশী মহম্মদ ইউছুফ মালিকে এই সন্দৰ্ভত কৰে বিশেষ মন্তব্য। ইউছুফ মালিকৰ ভাষ্য, তেওঁলোকৰ অঞ্চল সদায়েই হিন্দু-শিখ-মুছলমান ঐক্যৰ বাবে পৰিচিত। এইবাবেই অঞ্চলটোত কেতিয়াও কোনো সমস্যা হোৱা নাই বুলি তেওঁ কয়।

ইউছুফে কয় যে, তেওঁলোকৰ অঞ্চলত হিন্দু, মুছলমান আৰু শিখসকলে একেলগে সৌহাৰ্দ্যপূৰ্ণভাৱে বাস কৰি আহিছে। ইজনে সিজনৰ আনন্দ-দুখৰ অংশীদাৰ হৈ আহিছে। তাৰ চিন স্বৰূপেই ৱাংগুৰৰ শেষকৃত্যতো সকলোৱে একেলগ হৈ অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে ইউছুফে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd