সদ্য প্ৰকাশিত এনআৰচিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে মুছলিম ছাত্ৰ ফেডাৰেশ্যন অসম শাখাই।
সংগঠনটোৱে মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এনআৰচিক লৈ সন্তুষ্টি প্ৰকাশ কৰে।
‘এন আৰ চিখন আমি সমৰ্থন জনাইছো। সমৰ্থন নকৰিলে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হ’ব। এন আৰ চি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে চলিছিল, গতিকে ভাৰতীয় হিচাপে ইয়াক সন্মান জনোৱাটো জৰুৰী।‘ ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি তৌচিফ হুছেইনে সংবাদমেলত এইদৰে কয়।
ইপিনে, যিবোৰ ৰাজনৈতিক দল অথবা অৰাজনৈতিক সংগঠনে এন আৰ চিৰ চূড়ান্ত তালিকাখন মানি ল’ব খোজা নাই সেইসমূহক ‘ফেচিষ্ট’ আখ্যা দিয়ে হুছেইনে।
‘যিসকল ফেচিষ্ট দল-সংগঠনে এন আৰ চিখন মানি ল’ব খোজা নাই, তেওঁলোকে আওপকীয়াকৈ সংবিধানৰ ওপৰত বা উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস নথকাৰ কথাটোৱে বুজাইছে।‘ হুছেইনে এইদৰে কয়।
হুছেনৰ প্ৰশ্ন ‘যিসকলে এন আৰ চি মানি ল’ব বিচৰা নাই, তেওঁলোকৰ বিশেষ কাৰণটো কি? তেওঁলোকে কেনেকৈ গম পালে এই এন আৰ চিত বাংলাদেশীৰ নাম সোমাইছে? তেওঁলোকে স্কেনাৰ দি চাইছিল নেকি?’
ইপিনে, এন আৰ চিখনত কম বেছি পৰিমাণে ত্ৰুটি থকাটো স্বাভাৱিক’ বুলি মন্তব্য কৰি হুছেইনে লগতে কয় ‘সেই সামান্য ত্ৰুটিৰ বাবেই যে সমগ্ৰ এন আৰ চিখন নসাৎ কৰাটো আমি কোনো পধ্যেই মানিব নোখোজো। এই বিদেশী সমস্যাক লৈ আৰু ৫০ বছৰ যুঁজ কৰি দেশখন পিছুৱাই নিব নিবিচাৰো’।
অৱশ্যে, যিসকল ভাৰতীয়ৰ নাম এই এন আৰ চিৰ পৰা বাদ পৰিছে, তেওঁলোকৰ বাবে বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰাৰো আশ্বাস দিয়ে সংগঠনটোৱে।
আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দাহাৰ উদ্দিন খানে বিজেপি বিধায়ক শিলাদিত্য দেবক আক্ৰমণৰ লক্ষ্য কৰি লয়।
শিলাদিত্যক কটাক্ষ কৰি তেওঁ কয়, ‘শিলাদিত্যই এন আৰ চিক লৈ এটাৰ পাছত আন এটা মন্তব্য দিছে। শিলাদিত্যই আনকি আজান পীৰকো অৱমাননা কৰিলে। বিজেপিয়ে শিলাদিত্যৰ নিচিনা এটা মানুহক দলৰ পৰা উলিয়াই দিব লাগিছিল।‘
তদুপৰি, ‘শিলাদিত্য কেতিয়াও অসমীয়া হ’ব নোৱাৰে,’ এই মন্তব্য কৰি তেওঁ লগতে কয় ‘একো মস্তিষ্ক নথকা মানুহ এটা বিধায়ক হৈছে। তেওঁ বাংলাদেশী। উচ্চতম ন্যায়ালয়ে ভালদৰে নজৰ দিলে গম পাব আচলতে শিলাদিত্যৰ নাম এন আৰ চিত আহিব নালাগিছিল।‘