• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিকৃষ্ট! মুছলমান হোৱাই কাল হ’ল, চিকিৎসা কৰিবলৈ অস্বীকাৰ চিকিৎসকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 2:51 pm
75
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পৰা দূৰ হোৱা নাই ধৰ্মীয় বিদ্বেষ। মুছলমান হোৱা বাবে ৰোগীক চিকিৎসা কৰিবলৈ অস্বীকাৰ এগৰাকী চিকিৎসকৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ত।

জানিব পৰা মতে এগৰাকী গৰ্ভৱতী মহিলাক উত্তৰ প্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে তেওঁ মুছলমান ধৰ্মৰ হোৱা বাবে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ বিভাজনকাৰী নীতিক দোষাৰোপ কৰি বিৰোধী শিবিৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

Apply Now

প্ৰকাশিত তথ্য অনুসৰি বীৰবাৰী গাঁৱৰ ২৭ বছৰীয়া ছামা পাৰবীন নামৰ যুৱতীগৰাকীক ৩০ ছেপ্টেম্বৰৰ নিশা প্ৰসৱৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ যোৱা হৈছিল। চিকিৎসালয়ৰ ভিতৰত ৰেকৰ্ড কৰা এটা ভিডিঅ’ত পাৰবীনে দাবী কৰে যে কৰ্তব্যৰত মহিলা চিকিৎসকগৰাকীয়ে তেওঁক ঘণ্টাৰ পিছত ঘণ্টা অকলে এৰি থৈ গৈছিল আৰু চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰি কৈছিল, “আপুনি এগৰাকী মুছলমান, আমি আপোনাৰ চিকিৎসা নকৰো।”

তেওঁৰ স্বামী মহম্মদ পাৰভেজে সাংবাদমাধ্যমৰ আগত কয় যে চিকিৎসকগৰাকীয়েও কৈছিল, “তাইক অপাৰেচন থিয়েটাৰলৈ নানিব… তাই এগৰাকী মুছলমান… মই তাইৰ চিকিৎসা নকৰো।” পিছত পৰিয়ালটোৱে পাৰবীনক ব্যক্তিগত ক্লিনিকলৈ লৈ যায় আৰু তাতেই নিৰাপদে এটি কন্যা সন্তান প্ৰসৱ কৰে।

জানিব পৰা মতে ইতিমধ্যে ঘটনা সন্দৰ্ভত চিকিৎসালয়খনে তদন্ত আৰম্ভ কৰিছে। মুখ্য অধীক্ষক ডাঃ মহেন্দ্ৰ গুপ্তাই চিকিৎসক আৰু কৰ্মচাৰীৰ পৰা ব্যাখ্যা বিচাৰিছে আৰু দাবী সত্য প্ৰমাণিত হ’লে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে আন চাৰি-পাঁচগৰাকী মুছলমান মহিলাৰো চিকিৎসা কৰা হৈছিল আৰু সেইদিনা চিকিৎসালয়ত সন্তান জন্ম দিয়া হৈছিল।

ইফালে বিৰোধী দলৰ নেতাসকলে এই ঘটনাক গৰিহণা দি উত্তৰ প্ৰদেশত বিজেপি শাসনৰ অধীনত বৃদ্ধি পোৱা সাম্প্ৰদায়িক পক্ষপাতিত্ব আখ্যা দিয়ে। কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদে ইয়াক “কোনো সভ্য সমাজত গ্ৰহণযোগ্য নহয়” আৰু বিজেপিৰ “অবিৰত ঘৃণাৰ ৰাজনীতি”ৰ ফচল বুলি অভিহিত কৰে। আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে কয় যে “ঈশ্বৰৰ অন্য ৰূপ” বুলি গণ্য কৰা চিকিৎসকে ধৰ্মৰ ভিত্তিত বৈষম্য কৰিব নালাগে। তেওঁ লগতে কয়, “এয়া মোদী আৰু যোগীৰ সপোনৰ নতুন ভাৰত।”

সমাজবাদী পাৰ্টিৰ সাংসদ আফজল আনছাৰীয়ে সম্পূৰ্ণ তদন্তৰ দাবী জনাই কয় যে চিকিৎসকে ৰোগীৰ মাজত বৈষম্য কৰিব নালাগে, তেওঁ আৰু কয় এই ঘটনাৰ পৰা প্ৰতিফলিত হৈছে যে   ক্ষমতাত থকাসকলে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে। অৱশ্যে এই পৰ্যন্ত বিজেপিৰ ফালৰ পৰা বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd