টুপী নহয়, তিলক পৰিধান কৰিব লাগিব মুছলমানে! সকিয়নী বিজেপি বিধায়কৰ

Muslims will start putting tilaks

টুপীৰ সলনি তিলক। এইবাৰ মুছলিমে টুপীৰ সলনি কঁপালত তিলক পৰিধান কৰিব লাগিব। এইধৰণৰ এটা চৰম সাম্প্ৰদায়িক হুংকাৰ শুনা গৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত।

ৰাজ্যখনৰ পশ্চিম অঞ্চলৰ ডুমাৰিয়াগঞ্জ সমষ্টিৰ বিধায়ক ৰাঘৱেন্দ্ৰ প্ৰতাপ সিঙে এই হুংকাৰ প্ৰদান কৰিছে। ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত তেওঁক নিৰ্বাচনী কেম্পেইন কৰি থকা দেখা গৈছে।

ভিডিঅ’টোত তেওঁ কৈছে যে যদি তেওঁক পুনৰ বিধায়ক হিচাপে জয়যুক্ত কৰা হয়, তেন্তে মুছলিমসকলে টুপী পিন্ধা বাদ দিব। তাৰ পৰিৱৰ্তে কপালত তিলক পৰিধান কৰিব। অৰ্থাৎ হিন্দু ধৰ্ম আঁকোৱালি ল’ব।

যোগী চৰকাৰে উত্তৰপ্ৰদেশৰ ঠাইসমূহৰ নাম সলনি কৰাক লৈও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে আমি শাসনলৈ অহাৰ পাছৰে পৰা মুছলিমৰ নামত থকা ঠাইসমূহৰ নাম সলনি কৰিছো।

তেওঁ কয় যে যোগী চৰকাৰৰ দিনতে নাৰী আৰু শিশুসকলে ৰাস্তাত মুকলি মনেৰে ঘূৰিব পাৰিছে।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশত বৰ্তমান নিৰ্বাচন চলি আছে। এই লৈ ৰাজ্যখনত হিন্দু-মুছলিমৰ ৰাজনীতি ব্যাপক ৰূপত দেখা গৈছে। এইক্ষেত্ৰত পিছ পৰি থকা নাই ৰাঘৱেন্দ্ৰ প্ৰতাপ সিঙো।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰম ঘনিষ্ঠ সিঙে ২০১৭ চনত ডোমাৰিয়াগঞ্জৰ পৰা ২০০ টা ভোটৰ ব্যৱধানত বিজয়ী হৈ আহিছিল। তেওঁ হিন্দু যুৱ বাহিনী নামৰ এটা সংগঠনৰো ভাৰপ্ৰাপ্ত হিচাপে কৰ্মৰত।

এই সাম্প্ৰদায়িক সংগঠনটো প্ৰতিষ্ঠা কৰিছিল যোগীয়েই নিজেই। ইতিমধ্যে উত্তৰপ্ৰদেশ আৰক্ষীয়ে জনোৱামতে, ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ ভিত্তিত বিধায়ক সিঙৰ ওপৰত এটা গোচৰ তৰা হৈছে।