NORTHEAST NOW (Assamese)

‘আইন অনুসৰি কাম কৰক’! ইডি-ক ধমক দি এক লাখ টকাৰ জৰিমনা বোম্বে উচ্চ ন্যায়ালয়ৰ

January 22, 2025 12:55 pm · এন ই নাও নিউজ, গুৱাহাটী

বোম্ব উচ্চ ন্যায়ালয়ে বলবৎকাৰী সঞ্চালকালয় (ইডি)ক ১ লাখ টকাৰ জৰিমনা বিহিছে। আদালতৰ মতে ইডিয়ে অযুক্তিকৰ কাৰণত এজন ব্যৱসায়ীৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল। ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকো ধমক দিয়ে। আদালতে কয় যে কোনো তদন্তকাৰী সংস্থাই আইন নিজৰ হাতত লৈ অপ্ৰয়োজনীয়ভাৱে মানুহক হাৰাশাস্তি কৰিব নোৱাৰে। উচ্চ ন্যায়ালয়ে লগতে কয় যে তদন্তকাৰী সংস্থাটোৱে যাতে আইনৰ পৰিসৰৰ ভিতৰত কাম কৰে তাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

ভূমি বিবাদক লৈ ইডিয়ে মুম্বাইৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল। এটা জৰাজীৰ্ণ অট্টালিকাৰ ক্ৰেতাই প্ৰথমে থানাত অভিযোগ কৰে যে ব্যৱসায়ীজনে তেওঁক প্ৰতাৰণা কৰিছে। লগতে চুক্তি ভংগৰ অভিযোগ উত্থাপন কৰে। পাছত সেই অভিযোগৰ ভিত্তিত ইডি-এ গোচৰ ৰুজু কৰে। ইডিয়ে দাখিল কৰা গোচৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ব্যৱসায়ীজন। তেওঁ দাবী কৰে যে এইটো কোনো আৰ্থিক আত্মসাৎৰ গোচৰ নহয়। এইটো এটা দেৱানী গোচৰ। ক্ৰেতাই অট্টালিকাটোক বাণিজ্যিক ভৱন হিচাপে স্বীকৃতি দিয়াৰ প্ৰমাণ পত্ৰ লাভ কৰাত পলম হোৱাৰ অভিযোগ থানাত দাখিল কৰিছিল। এই ক্ষেত্ৰত ব্যৱসায়ীজনে দাবী কৰে যে ক্ৰেতাই নিজেই অট্টালিকাৰ ভিতৰত কিছু কাম আৰম্ভ কৰিছিল। সেইবাবেই সেই নথি পোৱাত পলম হৈছিল।

ব্যৱসায়ীজনৰ বক্তব্য শুনাই ন্যায়াধীশ মিলিন্দ যাদৱেও পৰ্যবেক্ষণ কৰে যে এইটো এটা দেৱানী গোচৰ। ন্যায়াধীশ যাদৱে কয় যে ইডিয়ে এনেদৰে আইন নিজৰ হাতত লব নোৱাৰে। তেওঁ বিল্ডিংটোৰ ইডি আৰু ক্ৰেতা দুয়োকে ১ লাখ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ দিছে। ন্যায়াধীশে কয়, “মই জৰিমনা বিহিবলৈ বাধ্য হৈছো। কাৰণ ইডিৰ দৰে তদন্তকাৰী সংস্থালৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজন যে তেওঁলোকে আইনী কাঠামোৰ ভিতৰত কাম কৰিব লাগিব।সাধাৰণ মানুহক হাৰাশাস্তি কৰিবলৈ তেওঁলোকে আইন নিজৰ হাতত লব নোৱাৰে।”

Related News