• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

টকিঅ’ অলিম্পিকলৈ যোগ্যতা আহৰণেই এতিয়া মোৰ একমাত্ৰ লক্ষ্য : অলিম্পিয়ান দীপা কৰ্মকাৰ

পিনাকি দাস by পিনাকি দাস
January 2, 2019 7:19 am
dipa cm

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক গ্ৰন্থ উপহাৰ দীপাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰৰ বৰ্তমানৰ প্ৰধান লক্ষ্যটো হ’ল টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা আহৰণ কৰা। নৱবৰ্ষৰ প্ৰথম দিনটোতে খেলুৱৈগৰাকীয়ে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰাৰ সময়ত সংবাদ মাধ্যমৰ আগত এইদৰে মনৰ ভাব প্ৰকাশ কৰে।

উল্লেখ কৰিব পাৰি যে জিমনাষ্টগৰাকীয়ে আঘাতৰ বাবে প্ৰায় এবছৰ ধৰি খেলৰ পৰা আঁতৰি আছিল। কিন্তু আঘাতৰ পৰা উঠিয়ে ২০১৮ চনৰ জুলাইত তুৰস্কত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছ ৱৰ্ল্ড চেলেঞ্জত স্বৰ্ণ পদক দখল কৰি নিজৰ সক্ষমতাৰ স্পষ্ট ইংগিত দিছিল। অৱশ্যে তাৰ পিছতে আগষ্টত, ২০১৮ত জাকাৰ্টাত হোৱা এছিয়ান গেইমছত ফাইনেলত উপনীত হ’ব নোৱাৰিলে খেলুৱৈগৰাকী।

Apply Now

‘মোৰ এই সময়ৰ লক্ষ্য হ’ল টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা আহৰণ কৰা।‘ খেলুৱৈগৰাকীয়ে কয়।

উল্লেখযোগ্য যে অলপতে জাৰ্মানীত সমাপ্ত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছ ৱৰ্ল্ড কাপত (Artistic Gymnastics World Cup) ব্ৰঞ্জৰ পদক লাভ কৰিছিল দীপাই। দীপাই মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবক সাক্ষাৎ কৰাৰ সময়ত দুয়োজনে নতুন বছৰৰ শুভেচ্ছা বিনিময় কৰাৰ লগতে মুখ্য মন্ত্ৰীজনক দীপাই তেওঁৰ বিষয়ে লিখা এখন কিতাপ উপহাৰ দিয়ে। সাক্ষাৎকালত লগত তেওঁৰ প্ৰশিক্ষক বিশ্বেশ্বৰ দেবো আছিল।

‘আঘাতৰ পিছত দীৰ্ঘদিন খেলৰ পৰা আঁতৰি থকা বাবে মোৰ কেৰিয়াৰক লৈ বিভিন্ন ফালৰ পৰা সংশয় প্ৰকাশ কৰা হৈছিল, লগতে মোৰ বয়সক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল আৰু সকলোৱে ভাবিছিল মোৰ কেৰিয়াৰৰ অন্ত পৰিছে।’ দীপাই কয়।

কিন্তু আঘাতৰ পিছতো পুনৰ পদক লাভ কৰাটোৱে প্ৰমাণ কৰে যে তেওঁৰ সম্ভাৱনা এতিয়াও আছে আৰু এতিয়া তেওঁৰ একমাত্ৰ লক্ষ্যটো হ’ল ২০২০ চনৰ টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা। এইদৰে কয় ২৫ বছৰীয়া জিমনাষ্টগৰাকীয়ে।

উল্লেখযোগ্য যে দীপা হ’ল অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মহিলা জিমনাষ্ট। দীপাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাগ লৈ চতুৰ্থ স্থান লাভ কৰিছিল। দীপাক তেওঁৰ বিৰল ক্ৰীড়া প্ৰতিভা আৰু সফলতাৰ বাবে পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা দিয়া হৈছিল।

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে দীপাক লৈ গৌৰৱবোধ কৰে বুলি জানিবলৈ দিয়ে আৰু তেওঁক স্বৰ্ণকন্যা আখ্যা দিয়ে।

 

পিনাকি দাস

পিনাকি দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd