DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

টকিঅ’ অলিম্পিকলৈ যোগ্যতা আহৰণেই এতিয়া মোৰ একমাত্ৰ লক্ষ্য : অলিম্পিয়ান দীপা কৰ্মকাৰ

পিনাকি দাস by পিনাকি দাস
January 2, 2019 7:19 am
dipa cm

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক গ্ৰন্থ উপহাৰ দীপাৰ।

89
VIEWS
Share on FacebookShare on Twitter

অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰৰ বৰ্তমানৰ প্ৰধান লক্ষ্যটো হ’ল টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা আহৰণ কৰা। নৱবৰ্ষৰ প্ৰথম দিনটোতে খেলুৱৈগৰাকীয়ে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰাৰ সময়ত সংবাদ মাধ্যমৰ আগত এইদৰে মনৰ ভাব প্ৰকাশ কৰে।

উল্লেখ কৰিব পাৰি যে জিমনাষ্টগৰাকীয়ে আঘাতৰ বাবে প্ৰায় এবছৰ ধৰি খেলৰ পৰা আঁতৰি আছিল। কিন্তু আঘাতৰ পৰা উঠিয়ে ২০১৮ চনৰ জুলাইত তুৰস্কত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছ ৱৰ্ল্ড চেলেঞ্জত স্বৰ্ণ পদক দখল কৰি নিজৰ সক্ষমতাৰ স্পষ্ট ইংগিত দিছিল। অৱশ্যে তাৰ পিছতে আগষ্টত, ২০১৮ত জাকাৰ্টাত হোৱা এছিয়ান গেইমছত ফাইনেলত উপনীত হ’ব নোৱাৰিলে খেলুৱৈগৰাকী।

‘মোৰ এই সময়ৰ লক্ষ্য হ’ল টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা আহৰণ কৰা।‘ খেলুৱৈগৰাকীয়ে কয়।

উল্লেখযোগ্য যে অলপতে জাৰ্মানীত সমাপ্ত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছ ৱৰ্ল্ড কাপত (Artistic Gymnastics World Cup) ব্ৰঞ্জৰ পদক লাভ কৰিছিল দীপাই। দীপাই মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবক সাক্ষাৎ কৰাৰ সময়ত দুয়োজনে নতুন বছৰৰ শুভেচ্ছা বিনিময় কৰাৰ লগতে মুখ্য মন্ত্ৰীজনক দীপাই তেওঁৰ বিষয়ে লিখা এখন কিতাপ উপহাৰ দিয়ে। সাক্ষাৎকালত লগত তেওঁৰ প্ৰশিক্ষক বিশ্বেশ্বৰ দেবো আছিল।

‘আঘাতৰ পিছত দীৰ্ঘদিন খেলৰ পৰা আঁতৰি থকা বাবে মোৰ কেৰিয়াৰক লৈ বিভিন্ন ফালৰ পৰা সংশয় প্ৰকাশ কৰা হৈছিল, লগতে মোৰ বয়সক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছিল আৰু সকলোৱে ভাবিছিল মোৰ কেৰিয়াৰৰ অন্ত পৰিছে।’ দীপাই কয়।

কিন্তু আঘাতৰ পিছতো পুনৰ পদক লাভ কৰাটোৱে প্ৰমাণ কৰে যে তেওঁৰ সম্ভাৱনা এতিয়াও আছে আৰু এতিয়া তেওঁৰ একমাত্ৰ লক্ষ্যটো হ’ল ২০২০ চনৰ টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা। এইদৰে কয় ২৫ বছৰীয়া জিমনাষ্টগৰাকীয়ে।

উল্লেখযোগ্য যে দীপা হ’ল অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মহিলা জিমনাষ্ট। দীপাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাগ লৈ চতুৰ্থ স্থান লাভ কৰিছিল। দীপাক তেওঁৰ বিৰল ক্ৰীড়া প্ৰতিভা আৰু সফলতাৰ বাবে পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা দিয়া হৈছিল।

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে দীপাক লৈ গৌৰৱবোধ কৰে বুলি জানিবলৈ দিয়ে আৰু তেওঁক স্বৰ্ণকন্যা আখ্যা দিয়ে।

 

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd