Myanmar Junta sentences seven students to death ম্যানমাৰৰ সামৰিক শাসনাধিষ্ঠ জুন্টা চৰকাৰে বিশ্ববিদ্যালয়ৰ সাতজন শিক্ষাৰ্থীক মৃত্যুদণ্ড প্ৰদান কৰিছে।
ইয়াৰ সৈতে, ম্যানমাৰৰ সামৰিক বাহিনীৰ দ্বাৰা মৃত্যুদণ্ড প্ৰাপ্ত লোকৰ সংখ্যা ১৩৯ জনলৈ বৃদ্ধি পালে। চলিত সপ্তাহৰ শেহতীয়া এই মৃত্যুদণ্ডৰ ওপৰত কোনো মন্তব্য কৰা নাই সামৰিক চৰকাৰৰ মুখপাত্ৰই।
ৰাষ্ট্ৰসংঘই সামৰিক জুন্টা চৰকাৰে বিৰোধীক দমন কৰিবলৈ মৃত্যুদণ্ডক এক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ তুৰ্কে এক বিবৃতিত কয় যে বুধবাৰে ম্যানমাৰৰ সামৰিক আদালতে কমেও সাতজন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক মৃত্যুদণ্ড প্ৰদান কৰে।
লগতে পঢ়ক: বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
২০২১ চনৰ জানুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰত ক্ষমতা দখল কৰে সামৰিক জুন্টা চৰকাৰে। তেতিয়াৰ পৰাই দেশখনত সংঘৰ্ষ আৰু বিশৃংখলতা অব্যাহত আছে।