ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

সামৰিক অভ্যুথানৰ পিছত অধিক অৱক্ষয় ঘটিছে ম্যানমাৰৰ স্বাভাৱিক জনজীৱন তথা জীৱন-যাত্ৰা।

দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু জুণ্টাই আটক কৰি ৰখা আং চান চু কীসহ দেশখনৰ আটাইসকল নেতাৰ মুকলি দাবীত প্ৰধান প্ৰধান চহৰসমূহ প্ৰতিবাদত উত্তাল হৈ আছে।

উল্লেখ্য যে ১ ফেব্ৰুাৱাৰিত দেশখনত সামৰিক অভ্যুত্থান হোৱাৰে পৰা যোৱা এমাহে গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু আং চান চু কীসহ আটকাধীন সকলোবোৰ নেতাৰ মুক্তিৰ দাবীত দেশখনৰ প্ৰধান প্ৰধান চহৰসমূহত নিৰন্তৰ প্ৰতিবাদ অব্যাহত আছে।

সামৰিক শাসকৰ নিৰ্দেশত দেশখনৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী জনতাৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱা লগতে গুলীচলনাও কৰি আহিছে।

দেওবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত ৭ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। ইয়াৰ লগে লগে দেশখনত সামৰিক শাসক বিৰোধী প্ৰতিবাদত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি পালে।

সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ মতে দেশখনৰ বৃহত্তম চহৰ য়াংগুণত দেওবাৰে উলিওৱা প্ৰতিবাদী সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। এগৰাকী মহিলা হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলতো মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মন্দালয়তো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত দুগৰাকী লোকৰ মৃত্যু হৈছে।

দেশখনৰ দাৱেই চহৰত তিনিগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এই গুলীচালনাত আৰু বহু প্ৰতিবাদকাৰী আহত হৈছে বুলি জানিব পৰা গৈছে।

ইফালে স্থানীয় সংবাদ মাধ্যমৰ মতে দেশখনৰ য়াংগুনৰ হ্লেদান জিলাতো আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছে। উক্ত গুলীচালনাত কোনো প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা নাই যদিও পাঁচগৰাকীৰ প্ৰতিবাদকাৰীৰ গুৰুতৰভাৱে আহত হৈছে।

উল্লেখ্য যে শনিবাৰৰ পৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সামৰিক শাসকে সেনা-আৰক্ষীৰ দ্বাৰা কঠোৰ অভিযান আৰম্ভ কৰিছে। আজি দেওবাৰে এই অভিযানৰ দ্বিতীয়টো দিন।

দ্বিতীয় দিনটোতে চাৰিজনখকৈ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰাৰ পিছত আগন্তুক দিনত দেশখনৰ সামৰিক শাসকে প্ৰতিবাদকাৰীৰ ওপৰত আৰু অধিক কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে বুলি ধাৰণা কৰা হৈছে।

স্মৰ্তব্য যে জুণ্টাই দেশখনৰ প্ৰতিবাদকাৰীৰ সমদলৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ জাৰি কৰিছিল।