• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

সামৰিক অভ্যুত্থানৰ বিভীষিকা! ম্যানমাৰত দেহ ব্যৱসায় কৰিবলৈ বাধ্য হৈছে মহিলা চিকিৎসক, নাৰ্চ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2024 9:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা সামৰিক অভ্যুত্থানৰ পাছত ম্যানমাৰত হোৱা ভয়াৱহ অৰ্থনৈতিক পতনৰ ফলত বিশেষকৈ চিকিৎসক, নাৰ্ছ, শিক্ষকৰ দৰে বৃত্তিত নিয়োজিত শিক্ষিত মহিলাৰ মাজত দেহ ব্যৱসায় যথেষ্ট বৃদ্ধি পাইছে। অৰ্থনীতিৰ স্থবিৰতা আৰু মুদ্ৰাস্ফীতি আকাশলংঘী হোৱাৰ লগে লগে বহু মহিলাই পৰিয়ালৰ পোহপাল দিয়াৰ উপায় বিচাৰি  হতাশ হৈ পৰিছে, যাৰ ফলত তেওঁলোকে যৌন কৰ্মৰ ফালে ঢাপলি মেলিছে।

কেৰিয়াৰ গঢ়িবলৈ বছৰ বছৰ ধৰি অধ্যয়ন কৰা চিকিৎসক মে’-এ  দ্য নিউয়ৰ্ক টাইমছত দিয়া বক্তব্য অনুসৰি তেঁওৰ দৰে মহিলাৰ বাবে বেশ্যাবৃত্তিৰ দিশটো বেদনাদায়ক আছিল যদিও জীয়াই থাকিবলৈ প্ৰয়োজনীয় আছিল। আৰ্থিক সংকটৰ লগতে বৃদ্ধি পোৱা জীৱন-যাপনৰ খৰচ আৰু স্বাস্থ্যসেৱা খণ্ডৰ পতনে তেওঁৰ হাতত বিকল্প কমেইহে ৰাখিছিল। একেদৰে ৰাজনৈতিক অশান্তিৰ বাবে চিকিৎসালয় বন্ধ হৈ পৰাৰ পাছতে জাৰ নামৰ নাৰ্চেও দেহ বিক্ৰী কৰিবলৈ বাধ্য হয়। কামটো ভাল পোৱা  নহয় যদিও ইয়াৰ দৰমহা আগৰ চাকৰিটোত যিমান উপাৰ্জন কৰিব পাৰিছিল তাতকৈ যথেষ্ট বেছি জাৰে উপাৰ্জন কৰিছিল।

Apply Now

এসময়ত ক্ৰমবৰ্ধমান মধ্যবিত্ত শ্ৰেণীৰ নিৰাপত্তা উপভোগ কৰা ম্যানমাৰৰ বহু মহিলাই এতিয়া কঠিন পৰিস্থিতিত পৰিছে, জীৱন নিৰ্বাহৰ বাবে আইন ভংগ কৰিবলৈ বাধ্য হৈছে। ম্যানমাৰৰ চহৰসমূহৰ ওপৰত সামৰিক  নিয়ন্ত্ৰণৰ লগতে ব্যাপক দৰিদ্ৰতাই এই সংগ্ৰামসমূহ আৰু অধিক ভয়াৱহ কৰি তুলিছে। বেশ্যাবৃত্তি অবৈধ হ’লেও এই ব্যৱসায়ৰ লগত জড়িত মহিলাসকলে প্ৰায়ে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উৎকোচ দিবলগীয়া হয়, যাৰ ফলত কষ্টৰ আন এটা স্তৰ যোগ হয়।

এই সংকটৰ প্ৰভাৱ বিশেষকৈ মহিলাসকলৰ বাবে কঠোৰ, যিসকলে ইতিমধ্যে পুৰুষৰ তুলনাত মজুৰিৰ বৈষম্য আৰু নিবনুৱাৰ হাৰ অধিক হোৱাৰ সন্মুখীন হৈছে। দেশখনৰ ভৱিষ্যত অনিশ্চিত হৈ থকাৰ সময়তে ম্যানমাৰৰ বহু মহিলাই নিজৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ওলাই অহাৰ পথৰ আশাত কল্পনাতীত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd