NORTHEAST NOW (Assamese)

সামৰিক অভ্যুত্থানৰ বিভীষিকা! ম্যানমাৰত দেহ ব্যৱসায় কৰিবলৈ বাধ্য হৈছে মহিলা চিকিৎসক, নাৰ্চ

December 19, 2024 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 19, 2024 9:47 pm

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা সামৰিক অভ্যুত্থানৰ পাছত ম্যানমাৰত হোৱা ভয়াৱহ অৰ্থনৈতিক পতনৰ ফলত বিশেষকৈ চিকিৎসক, নাৰ্ছ, শিক্ষকৰ দৰে বৃত্তিত নিয়োজিত শিক্ষিত মহিলাৰ মাজত দেহ ব্যৱসায় যথেষ্ট বৃদ্ধি পাইছে। অৰ্থনীতিৰ স্থবিৰতা আৰু মুদ্ৰাস্ফীতি আকাশলংঘী হোৱাৰ লগে লগে বহু মহিলাই পৰিয়ালৰ পোহপাল দিয়াৰ উপায় বিচাৰি  হতাশ হৈ পৰিছে, যাৰ ফলত তেওঁলোকে যৌন কৰ্মৰ ফালে ঢাপলি মেলিছে।

কেৰিয়াৰ গঢ়িবলৈ বছৰ বছৰ ধৰি অধ্যয়ন কৰা চিকিৎসক মে-এ  দ্য নিউয়ৰ্ক টাইমছত দিয়া বক্তব্য অনুসৰি তেঁওৰ দৰে মহিলাৰ বাবে বেশ্যাবৃত্তিৰ দিশটো বেদনাদায়ক আছিল যদিও জীয়াই থাকিবলৈ প্ৰয়োজনীয় আছিল। আৰ্থিক সংকটৰ লগতে বৃদ্ধি পোৱা জীৱন-যাপনৰ খৰচ আৰু স্বাস্থ্যসেৱা খণ্ডৰ পতনে তেওঁৰ হাতত বিকল্প কমেইহে ৰাখিছিল। একেদৰে ৰাজনৈতিক অশান্তিৰ বাবে চিকিৎসালয় বন্ধ হৈ পৰাৰ পাছতে জাৰ নামৰ নাৰ্চেও দেহ বিক্ৰী কৰিবলৈ বাধ্য হয়। কামটো ভাল পোৱা  নহয় যদিও ইয়াৰ দৰমহা আগৰ চাকৰিটোত যিমান উপাৰ্জন কৰিব পাৰিছিল তাতকৈ যথেষ্ট বেছি জাৰে উপাৰ্জন কৰিছিল।

এসময়ত ক্ৰমবৰ্ধমান মধ্যবিত্ত শ্ৰেণীৰ নিৰাপত্তা উপভোগ কৰা ম্যানমাৰৰ বহু মহিলাই এতিয়া কঠিন পৰিস্থিতিত পৰিছে, জীৱন নিৰ্বাহৰ বাবে আইন ভংগ কৰিবলৈ বাধ্য হৈছে। ম্যানমাৰৰ চহৰসমূহৰ ওপৰত সামৰিক  নিয়ন্ত্ৰণৰ লগতে ব্যাপক দৰিদ্ৰতাই এই সংগ্ৰামসমূহ আৰু অধিক ভয়াৱহ কৰি তুলিছে। বেশ্যাবৃত্তি অবৈধ হলেও এই ব্যৱসায়ৰ লগত জড়িত মহিলাসকলে প্ৰায়ে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উৎকোচ দিবলগীয়া হয়, যাৰ ফলত কষ্টৰ আন এটা স্তৰ যোগ হয়।

এই সংকটৰ প্ৰভাৱ বিশেষকৈ মহিলাসকলৰ বাবে কঠোৰ, যিসকলে ইতিমধ্যে পুৰুষৰ তুলনাত মজুৰিৰ বৈষম্য আৰু নিবনুৱাৰ হাৰ অধিক হোৱাৰ সন্মুখীন হৈছে। দেশখনৰ ভৱিষ্যত অনিশ্চিত হৈ থকাৰ সময়তে ম্যানমাৰৰ বহু মহিলাই নিজৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ওলাই অহাৰ পথৰ আশাত কল্পনাতীত প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে।

Related News