অসমৰ মাটিত আহি পৰিল এটি বাংলাদেশী বেলুন। এই ঘটনাই সীমান্ত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, বৃহৎ বেলুনটোত সন্দেহজনক একো পোৱা নগ’ল। অৱশ্যে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে।
আৰক্ষী আৰু স্থানীয় সূত্ৰৰ তথ্য অনুসৰি দেওবাৰে পুৱা কাছাৰ জিলাৰ বৰখোলা থানা এলেকাত অৱতৰণ কৰে বেলুনটো। তাত থকা মাছিমপুৰ গাঁৱৰ বাসিন্দাসকলে কৃষিভূমিত এটা বিশাল বেলুন দেখা পায়।
বাংলাদেশী বেলুনটো পৰি থকা দেখি তেওঁলোক আতংকিত হৈ পৰে। লগে লগে গাঁওৰক্ষী সদস্য আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰে।
এই খবৰ পোৱাৰ পাছত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থ প্রতীম দাস বাংলাদেশৰ সীমান্তৰ মাছিমপুৰ অঞ্চললৈ যায়৷
আৰক্ষী সূত্ৰৰ মতে, তাত অৱতৰণ কৰা বেলুনটো বাংলাদেশৰ চিলেট অঞ্চলৰ আছিল। বেলুনত লিখা আছিল ঘিলাচৰা বি-মুখী হাইস্কুলৰ নাম। বৰখোলা থানাৰ বিষয়া সুব্ৰত সেনে জনোৱা মতে, তেওঁলোকৰ ধাৰণা যে চিলেট অঞ্চলৰ বিদ্যালয়খনৰ ৬৫ বছৰীয়া জয়ন্তী উপলক্ষে এই বেলুনটো মুকলি কৰি দিয়া হৈছে। কাৰণ ডাঙৰ বেলুনটোত স্কুলৰ নাম আৰু অনুষ্ঠানৰ নাম উল্লেখ আছিল। ইয়াত কেইবাজনো লোকৰ ছবিও আছিল।
এই বেলুনটোৱে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰিলে তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিষয়াসকলে জনোৱা মতে, দেশৰ নিৰাপত্তাক লৈ চিন্তাৰ কোনো কাৰণ আছে নেকি তাৰো তদন্ত কৰি আছে।
প্ৰসংগক্ৰমে ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটিছিল। হাচিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ গুচি আহে। তেতিয়াৰ পৰাই বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে। দুয়োখন দেশৰ মাজত উত্তেজনাৰ বাবে সীমান্তত চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে ভাৰতে।
উল্লেখ্য যে দেওবাৰে পাকিস্তানৰ সীমান্তত থকা জম্মু-কাশ্মীৰৰ চাম্বা, ৰাজৌৰী আৰু পুঞ্চ জিলাত কেইবাখনো ড্ৰ’ন দেখা গৈছিল। ইয়াৰ পিছতে কাশ্মীৰ উপত্যকাত হাই এলাৰ্ট জাৰি কৰা হয়। সেনা বিষয়াসকলে দাবী কৰিছে যে পাকিস্তানৰ পৰা এই ড্ৰ’নসমূহ প্ৰেৰণ কৰা হৈছে।





