NORTHEAST NOW (Assamese)

অখিল ৰে’ল হিন্দী নাট মহোৎসৱত উজলিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নাট্য দল

November 21, 2018 1:49 pm · এন ই নাও নিউজ

যোৱা ১৮ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ মহাৰাষ্ট্ৰৰ ভুছাৱলত অনুস্থিত হোৱা অখিল ৰে’ল হিন্দী নাট্য মহোৎসৱত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ পৰা যোগদান কৰা নাট্য দলটোৱে “দেওঘৰ কে স্বপ্ন” নাটখন মঞ্চস্থ কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান দখল কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি নাটখনে শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ মেক আপৰো সন্মান বুটলিবলৈ সক্ষম হয়। মুল অসমীয়া নাটখনৰ ৰচনা ৰাজেন দাসৰ আৰু হিন্দিলৈ অভিযোজনা কৰিছে মুনমুন শৰ্মাই। মন্টু কুমাৰ দাসে পৰিচালনা কৰা নাটখনৰ সংগীত দেবকুমাৰ ৰাংচা আৰু মেক আপত বিভা কলিতা আৰু দৰ্শনা কুমাৰী।

জ্যোতিষ ঠাকুৰীয়াৰ নেতৃত্বত যোৱা দলটোৰ বিভগীয় প্ৰবন্ধক আছিল বি চি বিশ্বাসী। নাটখনত অভিনয় কৰিছিল মণ্টু কুমাৰ দাস, অনিন্দিতা দাস, দিগন্ত কাকতি, অসীম কলিতা, বিভা কলিতা, দৰ্শনা কুমাৰী, দেবযানী বৰা আৰু লিপিকা দাসে।

Related News