যাত্ৰীৰ চাহিদা বৃদ্ধি! গুৱাহাটীৰ পৰা চলিব আৰু কেইখনমান গ্ৰীষ্মকালীন বিশেষ ৰে’ল

গ্ৰীষ্মকালত যাত্ৰীৰ চাহিদা হঠাৎ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, গুৱাহাটীৰ পৰা তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এক প্ৰেছ বিবৃতিত এই কথা কোৱা হৈছে।

উভয় দিশত এখন বিশেষ ৰে’ল জম্মু-কাশ্মীৰৰ জম্মু তৱী আৰু গুৱাহাটীৰ মাজত নটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব আৰু আনখন আঠটাকৈ ট্ৰিপৰ বাবে মহাৰাষ্ট্ৰৰ পুনেৰ হাদপছাৰ আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব। যাত্ৰীসকলৰ সুবিধাৰ্থে দুয়োখন ৰে’লত এচি ২-টায়াৰ, এচি ৩-টায়াৰ আৰু শ্লীপাৰ শ্ৰেণীৰ ডবা থাকিব। আন এখন, বিশেষ ৰে’ল গুৱাহাটীৰ পৰা আগৰতলালৈ ৱান ৱে হিচাপে এটা ট্ৰিপৰ বাবে চলাচল কৰিব।

সেই অনুসৰি, গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬৫৬ (গুৱাহাটী – জম্মু তৱী) বিশেষ ৰে’লখন ০৬ মে’ৰ পৰা ০১জুলাই, ২০২৪ লৈ প্ৰতি সোমবাৰে ২০:৩০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি বুধবাৰে ১৭:৩৫ বজাত জম্মু তৱীত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬৫৫ (জম্মু তৱী – গুৱাহাটী) বিশেষ ৰে’লখন ০৯ মে’ৰ পৰা ০৪ জুলাই, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে জম্মু তৱীৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি শনিবাৰে ১৩:২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কাটিহাৰ, বেগুছৰাই, হাজীপুৰ, ছাপ্ৰা, গোৰখপুৰ, লক্ষ্ণৌ, বৰেলী, চাহাৰনপুৰ, লুধিয়ানা, কাঠুৱা হৈ চলাচল কৰিব।

আন এখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬১০ (গুৱাহাটী – হাদপছাৰ) বিশেষ ৰেলখন ০৬মে’ৰ পৰা ২৪ জুন, ২০২৪ লৈ প্ৰতি সোমবাৰে ২০:৪০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি বুধবাৰে ১৮:২০ বজাত হাদপছাৰত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬০৯ (হাদপছাৰ -গুৱাহাটী) বিশেষ ৰে’লখন ০৯ মে’ৰ পৰা ২৭ জুন, ২০২৪ লৈ হাদপছাৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে ১০:০০ বজাত যাত্ৰা আৰম্ভ কৰি শনিবাৰে ০৮:১৫ বজাত গুৱাহাটীত আহি উপস্থিত হব।

ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, কাটিহাৰ, বাৰাউনি, দানাপুৰ, বক্সাৰ, মিৰ্জাপুৰ, সাতনা, ইটাৰ্চি, কোপাৰগাওঁ হৈ চলাচল কৰিব।

এই পথসমূহত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মকালীন বিশেষ ৰে’লসমূহত আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন সংবাদপত্ৰ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ইপিনে, ৱান ৱে বিশেষ ৰে’ল নং ০৫৬৬৩ (গুৱাহাটী- আগৰতলা) বিশেষ ৰে’লখন মঙলবাৰে ২৩:৩০ বজাত অৰ্থাৎ ০৭মে’, ২০২৪ তাৰিখে গুৱাহাটীৰ পৰা প্ৰস্থান কৰি পিছদিনা ১৬:০০ বজাত আগৰতলাত গৈ উপস্থিত হব। এচি ২-টায়াৰ, এচি ৩-টায়াৰ, শ্লীপাৰ আৰু সাধাৰণ ডবাৰে গঠিত এই ৱান ৱে বিশেষ ৰে’লখন জাগীৰোড, চাপৰমুখ, হোজাই, লামডিং, নিউ হাফলং, বদৰপুৰ, নিউ কৰিমগঞ্জ, ধৰ্মনগৰ, কুমাৰঘাট আৰু আম্বাছা হৈ চলাচল কৰিব।