অলপতে মালদা আৰু নিউ জলপাইগুড়ী এলেকাত নতুনকৈ উদ্বোধন কৰা বন্দে ভাৰত এক্সপ্ৰেছলৈ শেহতীয়াকৈ শিল নিক্ষেপৰ কেইটামান ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। এই ঘটনাই চলন্ত ৰে’লখনত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে।ৰে’লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু চৰকাৰী ৰে’লৱে আৰক্ষীৰ (জিআৰপি) জোৱানসকলে যুটীয়াভাৱে এনে অঞ্চলসমূহত সজাগ হৈ বৰ্তমানে কৰ্তব্যৰত অৱস্থাত সেৱা আগবঢ়াই আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এক বিবৃতিত এই কথা সদৰী কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে ৰে’ল আইনৰ নিৰ্ধাৰিত ধাৰা ১৫২, ১৫৩ আৰু ১৫৪ ৰ অধীনত ৰে’লত শিল বা তেনে ধৰণৰ বস্তু নিক্ষেপ কৰাটো এক দণ্ডনীয় অপৰাধ।
লগতে পঢ়ক: তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!
যিকোনো ব্যক্তিয়ে, যদি ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে ৰে’লৰ ডবা আৰু ইঞ্জিনৰ আংশিক কোনো অংশৰ ভিতৰত বা ওপৰত শিলগুটি নিক্ষেপ কৰে যাৰ ফলত চলন্ত ৰে’লখনত থকা যাত্ৰীৰ সুৰক্ষা বিপদাপন্ন হ’ব পাৰে আৰু গতি অৱৰোধ কৰিব পাৰে; সেই ক্ষেত্ৰত অপৰাধীজনক কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব আৰু কাৰাদণ্ডৰ ম্যাদ ১০ বছৰ পৰ্যন্ত বৃদ্ধি কৰাৰ ব্যৱস্থা আছে।
সজগতা বৃদ্ধিৰ উপৰিও, ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা এনে ঘটনা সংঘটিত হোৱা স্থানত আৰু লগতে বিদ্যালয়, গাওঁ আদি সামৰি চুবুৰীয়া অঞ্চলসমূহত সজাগতা অভিযানৰ আয়োজন কৰা হৈছে যাতে দুৰ্বৃত্তসকলে ৰে’ল পৰিচালনত সুৰক্ষা বিপদাপন্ন কৰা কাৰ্যৰ পৰা বিৰতথাকে।
লগতে পঢ়ক: পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে ভাৰত, চীন আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে তৈল বাণিজ্য
যদি এনে ধৰণৰ শিল নিক্ষেপ আৰু অনাধিকাৰ প্ৰৱেশৰ দৰে ঘটনাৰ সন্মুখীন হয় তেতিয়া সাধাৰণ ৰাইজ আৰু যাত্ৰীসকলক উত্তৰ পূব সীমান্ত ৰে’লৱেই টোল-ফ্ৰী হেল্পলাইননম্বৰ (১৩৯)ত অৱগত কৰিবলৈ আহ্বান জনাইছে।
ৰে’লৱে সম্পত্তি হৈছে ৰাজহুৱা সম্পত্তি আৰু ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা কৰাটো সকলোৰে দায়িত্ব।