শিশু সৰবৰাহ! যোৱা কেইদিনত ৫ নাবালকক উদ্ধাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে

N. F. Railway rescued 5 minors উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে যোৱা ২৭ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ চলেৱা বিভিন্ন অভিযান আৰু নিয়মীয়া তালাচীৰ সময়ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনৰ পৰা ৫জন নাবালকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

পিছত নাবালককেইজনক তেওঁলোকৰ সুৰক্ষিত জিম্মা আৰু পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট চাইল্ডলাইনৰ হাতত অৰ্পণ কৰা হয়। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এইকথা প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক: সোনাপুৰত ৰখাই থোৱা ট্ৰাকত তীব্ৰবেগী মাৰুতিৰ খুন্দা; ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন

যোৱা ২৭ছেপ্টেম্বৰত নিউ জলপাইগুড়ীৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে নিউ জলপাইগুড়ী ৰে’ল ষ্টেচনত ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়- চণ্ডীগড় এক্সপ্ৰেছ)ত নিয়মীয়া তালাচী অভিযান চলাই ৰে’লখনৰ পৰা ঘৰৰ পৰা পলাই অহা এটি নাবালক শিশুক উদ্ধাৰ কৰে।

আনহাতে, ২৯ ছেপ্টেম্বৰত কাটিহাৰ ৰে’ল ষ্টেচনত মানৱ সৰবৰাহ, অনুমোদন নথকা হকিং, ভিক্ষা আদিৰ বিৰুদ্ধে চলোৱা এক অভিযানত কাটিহাৰ (পূব)ৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২জন পলাতক নাবালক শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

একেদিনাই গুৱাহাটীৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত মানৱ সৰবৰাহৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানৰ সময়ত পলাই অহা এটি নাবালক শিশুক উদ্ধাৰ কৰে।

লগতে পঢ়ক: বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

সেইদৰে, ৩০ ছেপ্টেম্বৰত আন এটি ঘটনাৰ সন্দৰ্ভত শিলচৰৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে শিলচৰ ৰে’ল ষ্টেচনত নিয়মীয়া তালাচী অভিযান চলাই ঘৰৰ পৰা পলাই অহা এটি নাবালক শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ষ্টেচনত নিয়োজিত ৰে’লৱে সুৰক্ষা বাহিনীৰ ৰে’ল পহৰাদাৰী দল আৰু কৰ্মচাৰীসকলক সতৰ্কহৈ থাকিবলৈ আৰু মানৱসৰবৰাহৰ সৈতে জড়িত সন্দেহজনক ব্যক্তিৰ লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰা আদিৰ বাবে সতৰ্কহৈ থকাৰ বাবে সজাগ আৰু সক্ৰিয় কৰা হৈছে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

লগতে পঢ়ক: Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি!

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধীনত “মেৰীচহেলি” টীম গঠন কৰা হৈছে আৰু যিকোনো আৱশ্যকতাৰ ক্ষেত্ৰত মহিলা/শিশুযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সতৰ্ক কৰি ৰখাৰ উদ্দেশ্যে হেল্প লাইন নম্বৰ ১৩৯ ব্যৱহাৰ কৰি অৱগত কৰাৰ বাবে চব্বিশ ঘণ্টাই সক্ৰিয় কৰি ৰখা হৈছে।