পূজাৰ ভিৰৰ সময়ত যাত্ৰীৰ যাত্ৰা সুগম কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ উৎসৱ বিশেষ ৰে’ল

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগন্তুক উৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে তিনিযোৰ সাপ্তাহিক বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পূজা বিশেষ ৰে’লসমূহ ৰঙাপাৰা নৰ্থ- শালিমাৰ– ৰঙাপাৰা নৰ্থ, ফৰবেছগঞ্জ – আগ্ৰা কেণ্ট – ফৰবেছগঞ্জ আৰু নিউ জলপাইগুড়ী – হাওড়া – নিউ জলপাইগুড়ীৰ মাজত চলাচল কৰিব।

বিশেষ ৰে’ল নং ০৮০৪৭ (শালিমাৰ – ৰঙাপাৰা নৰ্থ) ৰে’লখন তিনিটা ট্ৰিপৰ বাবে শালিমাৰৰ পৰা ০৪ অক্টোবৰৰ পৰা ১৮ অক্টোবৰ, ২০২৪ তাৰিখলৈ শুক্ৰবাৰে ১৮:০০বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৩:৪০ বজাত ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল  নং ০৮০৪৮ (ৰঙাপাৰা নৰ্থ – শালিমাৰ) ৰে’লখন তিনিটা ট্ৰিপৰ বাবে ০৫ অক্টোবৰ পৰা ১৯ অক্টোবৰ, ২০২৪ তাৰিখলৈ শনিবাৰে ১৬:৩০বজাত ৰঙাপাৰা নৰ্থৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১২:৩০ বজাত শালিমাৰত গৈ উপস্থিত হ’ব।

বিশেষ ৰে’ল নং ০৪১৯৫ (আগ্ৰা কেণ্ট– ফৰবেছগঞ্জ) ৰে’লখন আগ্ৰা কেণ্টৰ পৰা আঠটা ট্ৰিপৰ বাবে ০৪ অক্টোবৰৰ পৰা ২২নৱেম্বৰ, ২০২৪লৈকে শুক্ৰবাৰে ০৫:০০ বজাত যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৫:১৫বজাত ফৰবেছগঞ্জত উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৪১৯৬ (ফৰবেছগঞ্জ – আগ্ৰা কেণ্ট) ৰেলখন আঠটা ট্ৰিপৰ বাবে শনিবাৰে ফৰবেছগঞ্জৰ পৰা ০৫ অক্টোবৰৰ পৰা ২৩ নৱেম্বৰ, ২০২৪লৈ ১৮:৪০বজাত যাত্ৰা আৰম্ভ কৰি সোমবাৰে ০৭:১০ বজাত আগ্ৰা কেন্টত গৈ উপস্থিত হ’ব।

বিশেষ ৰে’ল নং ০৩০২৭ (হাওড়া – নিউ জলপাইগুড়ী) ৰেলখন চাৰিটা ট্ৰিপৰ বাবে ০৯ অক্টোবৰৰ পৰা ০৬ নৱেম্বৰ, ২০২৪ তাৰিখলৈ বুধবাৰে ২৩:৫৫বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১০:৪৫বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৩০২৮ (নিউ জলপাইগুড়ী – হাওড়া) ৰেলখন চাৰিটা ট্ৰিপৰ বাবে নিউ জলপাইগুড়ীৰ পৰা ১০অক্টোবৰৰ পৰা ০৭ নৱেম্বৰ, ২০২৪ তাৰিখলৈ বৃহস্পতিবাৰে ১২:৪৫বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা ০০:১০বজাত হাওড়াত গৈ উপস্থিত হ’ব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।