উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱা; কেইখনমান ৰে’লৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান

গ্ৰীষ্মকালীন ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে, দুযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰে এখন ৰে’ল গুৱাহাটী আৰু এছএমভিটি বেংগালুৰুৰ মাজত আৰু আনখন ত্ৰিপুৰাৰ আগৰতলাৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচলৈ চলাচল কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে।

দুয়োখন বিশেষ ৰে’ল উভয় দিশত এঘাৰটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব। এই পথসমূহত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মকালীন বিশেষ ৰে’লসমূহত আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

সেই অনুসৰি, বিশেষ ৰে’ল নং ০৬৫২১ (এছএমভিটি বেংগালুৰু- গুৱাহাটী) ১৬ এপ্ৰিলৰ পৰা ২৫ জুন, ২০২৪ লৈ প্ৰতি মঙলবাৰে এছএমভিটি বেংগালুৰুৰ পৰা নিশা ১১:৪০ বজাত প্ৰস্থান কৰি শুক্ৰবাৰে পুৱা ০৪:৫০ বজাত গুৱাহাটীত আহি উপস্থিত হব। ইয়াৰ উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০৬৫২২ (গুৱাহাটী – এছএমভিটি বেংগালুৰু) ২০ এপ্ৰিল তাৰিখৰ পৰা ২৯জুন, ২০২৪ লৈ প্ৰতি শনিবাৰে পুৱা ০৬:১৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি সোমবাৰে পুৱা ১০:৫৫ বজাত এছএমভিটি বেংগালুৰুত গৈ উপস্থিত হ’ব।

এই বিশেষ ৰে’লখনত কেৱল অসংৰক্ষিত সাধাৰণ আৰু চেয়াৰ কাৰ ডবা থাকিব। উভয় দিশৰ যাত্ৰাৰ সময়ত, এই বিশেষ ৰে’লখন ৰঙিয়া, নিউ জলপাইগুৰী, মালদা টাউন, খড়গপুৰ, ব্ৰহ্মপুৰ, ৰাজামুন্দ্ৰী, কটপডি জংচন আদি হৈ চলাচল কৰিব।

আন এখন বিশেষ ৰে’ল নং ০১০৬৫ (ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচ – আগৰতলা) ৰে’লখন ১৮ এপ্ৰিল তাৰিখৰ পৰা ২৭ জুন,২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে পুৱা ১১:০৫ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচৰ পৰা যাত্ৰা আৰম্ভ কৰি দেওবাৰে নিশা ০১:১০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। ইয়াৰ উভতনি যাত্ৰাৰ দিশত, বিশেষ ৰে’ল নং ০১০৬৬ (আগৰতলা – ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচ) ৰে’লখন ২১ এপ্ৰিলৰ পৰা ৩০ জুন, ২০২৪ তাৰিখ পৰ্যন্ত প্ৰতি দেওবাৰে আবেলি ০৩:১০ বজাত আগৰতলাৰ পৰা প্ৰস্থান কৰি বুধবাৰে পুৱা ০৩:৫০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচত গৈ উপস্থিত হ’ব।

এই বিশেষ ৰে’লখনত দুটা এচি ৩-টায়াৰ আৰু ১৮ টা শ্লীপাৰ শ্ৰেণীৰ ডবা থাকিব। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন বদৰপুৰ, গুৱাহাটী, ৰঙিয়া, নিউ জলপাইগুৰী,কাটিহাৰ,পাটলিপুত্ৰ, সাতনা, জবলপুৰ, খাণ্ডৱা জংচন, ভুচাৱল জংচন, ইগতপুৰী, কল্যাণ জংচন, দাদৰ আদি হৈ চলাচল কৰিব।

তদুপৰি,ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, ১৭ এপ্ৰিল, ২০২৪ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৪২৩/১২৪২৪ (ডিব্ৰুগড়- নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰঙিয়া ষ্টেচনত আৰু ৰে’ল নং. ১৫৬৬৫/১৫৬৬৬ (গুৱাহাটী– মৰিয়নি জংচন- গুৱাহাটী) বিজি এক্সপ্ৰেছৰ বোকাজান ষ্টেচনত দুই মিনিটৰ অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

লগতে, ১৮এপ্ৰিল, ২০২৪ তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৩১৭৩/১৩১৭৪ (শিয়ালদহ- আগৰতলা – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখনৰ বিহাৰা ষ্টেচনত দুই মিনিটৰ অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

সেইদৰে, ৰে’ল নং ১২৪২৩ (ডিব্ৰুগড়– নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ পুৱা ০৭:৪৫ বজাত ৰঙিয়া ষ্টেচনত উপস্থিত হ’ব আৰু পুৱা ০৭:৪৭ বজাত প্ৰস্থান কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১২৪২৪ (নিউ দিল্লী- ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন সন্ধিয়া ০৬:০৪ বজাত ৰঙিয়া ষ্টেচনত আহি উপস্থিত হ’ব আৰু সন্ধিয়া ০৬:০৬ বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৫৬৬৫(গুৱাহাটী – মৰিয়নি জংচন) বিজি এক্সপ্ৰেছ ৰে’লখন নিশা ০৮:০৫বজাত বোকাজান ষ্টেচনত আহি উপস্থিত হ’ব আৰু নিশা ০৮:০৭বজাত প্ৰস্থান কৰিব।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১৫৬৬৬ (মৰিয়নি জংচন – গুৱাহাটী) বিজি এক্সপ্ৰেছ ৰে’লখন পুৱা ০৯:১৯ বজাত বোকাজান ষ্টেচনত আহি উপস্থিত হ’ব আৰু পুৱা ০৯:২১বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৩১৭৩ (শিয়ালদহ – আগৰতলা) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন দুপৰীয়া ১২:০৩ বজাত বিহাৰা ষ্টেচনত আহি উপস্থিত হ’ব আৰু দুপৰীয়া ১২:০৫ বজাত প্ৰস্থান কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১৩১৭৪(আগৰতলা – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন বিহাৰা ষ্টেচনত দুপৰীয়া ০১:২৫বজাত আহি উপস্থিত হব আৰু দুপৰীয়া ০১:২৭বজাত প্ৰস্থান কৰিব।

ৰে’লসমূহৰ নতুন ষ্টপেজসমূহে সংশ্লিষ্ট অঞ্চলসমূহৰ ৰে’ল যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ বাবে আন এক বিকল্প প্ৰদান কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য এবাৰ চাই লবলৈ অনুৰোধ জনোৱা হৈছে।