প্ৰযুক্তিবিদ্যাৰ উত্তৰনৰ লগে লগেই সাংস্কৃতিক জগতত ন ন প্ৰযুক্তিবিদ্যাই ক্ৰমাৎ থলুৱা লোকবাদ্যৰ ব্যৱহাৰ হ্ৰাস কৰি পেলোৱা পৰিলক্ষিত হৈছে।
সেয়ে অসমৰ এই আপুৰুগীয়া লোকবাদ্যসমূহ সংৰক্ষণ কৰাত এতিয়া ব্যস্ত হৈ পৰিছে যোৰহাট জিলাৰ টীয়কৰ মইনাপৰীয়া গাঁৱৰ এজন সংস্কৃতিবান যুৱক নৱজ্যোতি বৰা।
উদ্দেশ্যে মাথো এটাই যাতে পৰিৱৰ্তনৰ ধুমুহাত থলুৱা লোকবাদ্যসমূহৰ অস্তিত্ব বিপন্ন নঘটে।
পেঁপা বাদক হিচাপে পৰিচিত নৱজ্যোতিয়ে লোক সংস্কৃতিৰ জগতখনত বিগত ২৬ টা বছৰ কৰ্ম কৰি আহিছে আৰু আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে প্ৰায় ৩২ বিধ লোকবাদ্য বজাই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে।
অসমৰ বিভিন্ন প্ৰান্তত ভাওনা, দিহানাম, থিয়েটাৰ, ৰাসত বাঁহী, পেপা, ঢোল, খোল আদি বাদ্য বজাই বৰ্তমান নিজৰ ঘৰতে বিভিন্ন স্থানত দেখা প্ৰায় বিলুপ্তপায় অৱস্থালৈ গতি কৰা বহু কেইপদ লোকবাদ্য নিজে সাজি উলিয়াইছে।
উল্লেখযোগ্য যে নৱজ্যোতিয়ে ইতিমধ্যে ২০০৭ চনতে পেঁপা বজাই ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু এছিছ ওৱল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
যোৰহাটৰ তৰাজানত এখনি থলুৱা বাদ্য প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰিছে লগতে নিচেই কম দিনৰ ভিতৰত টীয়কতো আৰু এখন বিদ্যালয় মুকলি কৰাৰ সপোন পুহি ৰাখিছে।
এনে এজন প্ৰতিভাবান যুৱ শিল্পী কিন্তু আজিও চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত।
কেৱল মনৰ হেঁপাহ তথা ৰাপত দিনে নিশাই সাংস্কৃতিক জগতখনত নিষ্ঠাৰে কাম কৰি আহিছে এইজন শিল্পীয়ে।
বিশেষকৈ লক ডাউনৰ সময়ছোৱাত বাৰুকৈয়ে আৰ্থিক অভাৱত পৰিছিল শিল্পীগৰাকী।
সেয়ে চৰকাৰলৈ তেওঁৰ দৰে লোক সংস্কৃতিৰ শিল্পীসকলক কিছু গুৰুত্ব প্ৰদান কৰিবলৈ শিল্পী নৱজ্যোতি বৰাই আহ্বান জনাইছে।