আমগুৰিত নগাই কাটি তহিলং কৰিলে অসমীয়া চাহ খেতিয়কৰ ৩০ বিঘা মাটিৰ চাহ গছ

ক'ত গ'ল জাতি মাটি ভেটি ৰক্ষাৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰ সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি?

আৰু কিমান দিন আতংকত কটাব অসম- নাগালেণ্ড সীমান্তবাসীয়ে?

দৈনিক নগা দুৰ্বৃত্তৰ আতংকত দিন কটাব লগীয়া হৈছে সীমান্তবাসীয়ে।

এইবাৰ নগা দুৰ্বৃত্তই উপদ্ৰৱ চলালে শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰছিলাত।

প্ৰায় ৩০ বিঘা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগান কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তই।

অসম নাগালেণ্ডৰ সীমামূৰীয়া আমগুৰিৰ বৰছিলাত অসমৰ মাটিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বছৰ বছৰ ধৰি কৰি অহা চাহ খেতিত নগাই তেওঁলোকৰ মাটি বুলি দাবী কৰি এইদৰে প্ৰায় ৩০ বিঘা মাটিত ৰোৱা চাহ গছ কাটি তহিলং কৰি দিয়ে।

ইপিনে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই অসম- নাগালেণ্ড সীমা সমস্যা সমাধানত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

উল্লেখ্য যে আমগুৰিৰ হালোৱাটিঙত এটা বিঅ’পি বহুওৱাৰ কথা চৰকাৰে ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত গঢ়ি নুঠিল এই বিঅ’পি। যাৰ বাবে সীমাক লৈ অসম-নাগালেণ্ডৰ মাজত সংঘাত বৃদ্ধি পাব ধৰিছে।

এতিয়া প্ৰশ্ন হয়, কেতিয়া সমাধান হব অসম- নাগালেণ্ডৰ সীমা সমস্যা ? নিজৰ মাটিতেই আৰু কিমান দিন নগাৰ উপদ্ৰৱ সহ্য কৰিব লাগিব সীমান্তবাসীয়ে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰে গুৰুত্ব দিব নে অসম নাগালেণ্ড সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত?