NORTHEAST NOW (Assamese)

মৰিয়নীত অসমৰ ভূমিত নগাই আৰম্ভ কৰিছে বিদ্ৰোহী সংগঠনৰ শিৱিৰ স্থাপনৰ প্ৰস্তুতি

September 9, 2020 10:58 am · নিৰ্মলেন্দু পাঠক

মৰিয়নীত অসমৰ সংৰক্ষিত বনাঞ্চলৰ গছ গছনি কাটি নগাই কেম্প নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে l

বিগত কিছু দিনৰ পৰা ধাৰাবাহিকভাৱে অসমৰ বিভিন্ন সংবাদ মাধ্যমত নগাই অসমৰ ভূমি বেদখল কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতো চৰকাৰ প্ৰশাসনে কোনোধৰণৰ বিহিত ব্যৱস্থা নোলোৱা অভিযোগ উথাপন কৰিছে স্থানীয় ৰাইজে।

শেহতীয়াকৈ মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী ই-ছেক্টৰ পানীনৰা কাচজান অঞ্চলত অসমৰ ভূমিত নগাই গাঁও স্থাপন কৰি  বসতি কৰাৰ উপৰিও সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ কেম্প পয্যন্ত নিৰ্মাণ কৰিছে।

নগাই অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত আগ্ৰাসন কৰা সম্পৰ্কে বন বিভাগৰ উচ্চপদস্থ বিষয়াক সময়মতে অৱগত নকৰাৰ সুবিধা গ্ৰহণ কৰি ক্ৰমান্বয়ে নগাই অসমৰ সম্পূৰ্ণ ই-ছেক্টৰ ভূমিত আগ্ৰাসন অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে অসমৰ সংৰক্ষিত অভয়াৰণ্যত গছ গছনি কাটি নগাই পকী দলং নিৰ্মাণ কৰিছিল ৷

পৰৱৰ্তী সময়ত অসমৰ ভূমিত  নগাই জংঘল পৰিস্কাৰ কৰি নগা গাঁও পাতি লোৱাৰ লগতে অসমৰ ভূমিত সন্দেহযুক্ত নগা বিদ্ৰোহী সংগঠন (NSCN) ৰ কেম্প নিৰ্মাণ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ কেমেৰাত নগাই কেম্পৰ বাবে পাহাৰ কাটি মাটি মুকলি কৰা স্থানৰ দৃশ্য বন্দী হৈছে।

অসম-নগালেণ্ড সীমান্তৰ মৰিয়নীৰ  ই-ছেক্টৰত অৱস্থিত সংৰক্ষিত দিচৈভেলি অভয়াৰণ্যৰ গছ গছনি নগাই সঘনাই কাটি তহিলং কৰি আছে যদিও আজিলৈকে প্ৰশাসনে এটা কুণ্ডা জব্দ কৰিবলৈও সক্ষম নহল কিয় এয়া এক ডাঙৰ প্ৰশ্ন l

Related News