• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

এফালে নগা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া বিশ্বাস, ৰীতি-নীতি আৰু জীৱনশৈলী, আৰু আনফালে নতুন ধৰ্মীয় প্ৰভাৱ – এই সংঘাত ছবিখনৰ অন্যতম মূল বিষয়বস্তু।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 10:23 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমখন ছবিৰেই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক ডাঙৰ স্বীকৃতি। নাগালেণ্ডৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘আংঘ’য়ে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (টিআইএফএফ)ত প্লেটফৰ্ম বঁটা লাভ কৰিছে।

এইবাৰৰ ১২খন ছবিৰ প্লেটফৰ্ম প্ৰতিযোগিতাত নাগালেণ্ডৰ প্ৰেক্ষাপটত নিৰ্মিত এই ছবিখন একমাত্ৰ ভাৰতীয় ছবি আছিল। পুৰস্কাৰৰ মূল্য ২০ হাজাৰ কানাডিয়ান ডলাৰ, ভাৰতীয় মুদ্ৰাত প্ৰায় ১৩.৮৬ লাখ টকা।

সময় ষাঠিৰ দশকৰ আৰম্ভণি, ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ নাগালেণ্ডৰ এখন দুৰ্গম গাঁও। কেন্দ্ৰীয় চৰিত্ৰটো হৈছে আংবা, পৰিত্যক্ত জনজাতীয় নগা গাঁৱৰ শেষৰটো জীৱিত মুখীয়াল। অসুস্থ পত্নী আৰু কণমানি পুত্ৰৰ সৈতে তেওঁ এক বিচ্ছিন্ন জীৱন কটায়। এজন আমেৰিকান মিছনেৰীৰ আগমনৰ লগে লগে সেই জীৱন সলনি হয়।

Apply Now

খ্ৰীষ্টান ধৰ্ম আৰু কিছুমান নতুন ৰীতি-নীতি মিছনেৰীসকলৰ জৰিয়তে গাঁওখনলৈ আহে। লাহে লাহে আংবাৰৰ ল’ৰাটোও সেই নতুন পৃথিৱীখনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। তাৰ পৰাই পিতৃ-পুত্ৰৰ মাজত দ্বন্দ্ব গঢ় লৈ উঠে। এফালে নগা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া বিশ্বাস, ৰীতি-নীতি আৰু জীৱনশৈলী, আৰু আনফালে নতুন ধৰ্মীয় প্ৰভাৱ – এই সংঘাত ছবিখনৰ অন্যতম মূল বিষয়বস্তু।

ৰিঅ’ই ছবিখনৰ উপাদানসমূহ নগা সম্প্ৰদায়ৰ মৌখিক ইতিহাস, পৰম্পৰা আৰু আধ্যাত্মিক বিশ্বাসৰ পৰা লৈছে। পৰ্দাত এই সময়ছোৱা বিশ্বাসযোগ্য কৰি তুলিবলৈ সমগ্ৰ ছবিখনৰ শ্বুটিং ১৬ মি.মি. কৰা হৈছে।

‘আংঘ’ আচলতে ৰিঅ’ৰ ২০২১ চনৰ একে নামৰ চুটি ছবিখনৰ সম্প্ৰসাৰিত সংস্কৰণ। সেই ছবিখনে ক্লেৰমন্ট-ফেৰাণ্ড আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা লাভ কৰিছিল। ৰিঅ’ই ৰাজকুমাৰ কণ্ডামুৰীৰ সৈতে পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনৰ চিত্ৰনাট্য লিখিছিল।

নাগালেণ্ডৰ বাসিন্দা ৰিঅ’ই ব্ৰিটেইনৰ নেশ্যনেল ফিল্ম এণ্ড টেলিভিছন স্কুলত অধ্যয়ন কৰিছিল। তেওঁৰ পূৰ্বৰ ছবিৰ ভিতৰত আছে ‘চেকপোষ্ট’ আৰু ‘আদে (অন এ ছানডে)’।

ছবিখনত অভিনয় কৰিছে বাফটা বিজয়ী অভিনেতা ডগলাছ হেনশ্বলে। ইয়াৰ উপৰিও আছে নাগালেণ্ডৰ কেইবাজনো জনজাতীয় শিল্পী—আংহালুং কন্যাক, ছবিনো ৰেংমা, জেনপাই কন্যাক, আমাহ কন্যাক আৰু ৱাংটন কন্যাক।

১৫ ছেপ্টেম্বৰত টৰন্টো চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল ছবিখনৰ। প্লেটফৰ্ম বঁটা লাভ কৰাৰ ফলত ২০২৭ চনৰ একাডেমী বঁটাত আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্ম শাখাৰ বাবে ‘আংঘ’ক বিবেচনা কৰাৰ পথো মুকলি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd