DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

সম্পাদিত ভিডিঅ’ৰে দুৰ্বৃত্তৰ ব্লেকমেইল নাগালেণ্ডৰ মন্ত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2022 9:33 pm
Nagaland minister blackmailed
209
VIEWS
Share on FacebookShare on Twitter

চাইবাৰ অপৰাধৰ ঘটনা সাম্প্ৰতিক সময়ত অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। সাধাৰণ জনতা বাদেই, চাইবাৰ অপৰাধৰ এই ভয়াৱহ জালত পৰিছে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে চৰকাৰী বিভাগ তথা বিষয়াও। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা বুলি বাতৰি প্ৰকাশিত হৈছিল। হেক হৈছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ বিভাগীয় টুইটাৰ একাউণ্ট।

এইবাৰ চাইবাৰ অপৰাধৰ বলি হৈছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী।নাগালেণ্ডৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী টেমজেন ইমনা লংকুমাৰ চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে।

কোনো অচিনাক্ত দুৰ্বৃত্তই মন্ত্ৰীগৰাকীৰ এটা সম্পাদিত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছে।

এই ভাবুকিৰ পাছতে লংকুমাৰে ফেচবুকত এটা পোষ্টৰ জৰিয়তে তেওঁ ব্লেকমেইলিঙৰ চিকাৰ হৈছে বুলি ৰাজহুৱা কৰাৰ লগতে ব্লেকমেইলাৰৰ সন্ধান লাভৰ বাবে জনতাৰ সহায় বিচাৰে।

ফেচবুক পোষ্টটোত তেওঁ লিখিছে, “মই ৰাজ্যবাসীৰ সৈতে সংযোগ স্থাপনৰ বাবে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ যথেষ্ট সময় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সক্ৰিয় হৈ থাকোঁ। মই ভিডিঅ’ কলৰ জৰিয়তে মানুহৰ সৈতে জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰোঁ। কিন্তু মোৰ সামাজিক মাধ্যমত উপস্থিতিৰ সুযোগ লৈ মোক বদনাম কৰিবলৈ কোনো অজ্ঞাত দুৰ্বৃত্তই মোৰ ভিডিঅ’ কিছু অশ্লীন দৃশ্যৰ সৈতে সম্পাদনা কৰিছে।”

দুৰ্বৃত্তই এই সম্পাদিত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ধন দাবী কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। যদি কোনোবাই এনেধৰণৰ কোনো বাৰ্তা লাভ কৰে, সেই বাৰ্তা প্ৰেৰণ কৰা আইডি বা ফোন নম্বৰ লংকুমাৰক লগে লগে দিবলৈ আহ্বান জনায়।

যোনযোগে তেওঁক যি ফোন নম্বৰৰ পৰা ভাবুকি দিছিল, সেই ফোন নম্বৰটোৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

দুৰ্বত্তৰ পৰিচয় লাভ কৰিলে নগা জনগোষ্ঠীৰ শৈলীত তেওঁৰ ভাল যত্ন লোৱা হ’ব বুলিও লংকুমাৰে উল্লেখ কৰে।

অৱশ্যে এই নগা শৈলীৰ কথাষাৰৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে সেয়া স্পষ্ট নহয় যদিও অভিযুক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে নগা সমাজত প্ৰচলিত ব্যৱস্থাৰ আধাৰত শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে লংকুমাৰে ২০১৮ চনৰ নিৰ্বাচনত মোকোকচুং জিলাৰ আলংটাকি সমষ্টিৰ পৰা জয়ী হৈছিল।

তেওঁ বৰ্তমান নাগালেণ্ডৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰীৰ দায়িত্বত থকাৰ লগতে নাগালেণ্ড বিজেপিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd