হিন্দু-মুছলমানৰ সমন্বয়ৰ বাৰ্তাৰে নগাঁৱত দুৰ্গা পূজা; ৪০ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি

Lachit statue

ফটো : নৰ্থ-ইষ্ট নাও

হিন্দু-মুছলমান সমন্বয়ৰ বাৰ্তাৰে নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈ পথত থকা বিবেকানন্দপল্লী দুৰ্গোৎসৱ সমিতিয়ে ব্যতিক্ৰমীভাৱে উদযাপন কৰিছে চলিত বছৰৰ দুৰ্গা পূজা। ৬৪ তম বৰ্ষত ভৰি দিয়া এই পূজা সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবছৰো অসমীয়া-বঙালী-মুছলমান লোকৰ সহায় সহযোগিতাৰে অনুষ্ঠিত কৰিছে পূজা।

উল্লেখযোগ্য যে,  চলিত বৰ্ষত এই দুৰ্গা মণ্ডপত জাতি প্ৰেমেৰে সকলোকে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যৰে প্ৰায় ৪০ ফুট উচ্চতাৰ এক হেংদাং লৈ থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি দুগৰাকী সৈন্যৰ সৈতে নিৰ্মাণ কৰা হৈছে। গড়ৰ (যুদ্ধৰ কোঠ) আৰ্হিত নিৰ্মাণ কৰা মণ্ডপত ডাঙৰ ডাঙৰকৈ লিখা আছে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ আৰু ‘জয় আই অসম’। তাৰোপৰি মণ্ডপৰ ভিতৰটো লাচিত বৰফুকনে নাও লৈ যুদ্ধ কৰা, সৈন্যৰ মূৰ কটা আদি দৃশ্য ভাস্কৰ্যৰে ফুটাই তোলা হৈছে।

মন কৰিবলগীয়া যে এই মূৰ্তি সমূহ নিৰ্মাণ কৰিছে নগঞা শিল্পী প্ৰণৱ দাসে। এই দুৰ্গা মণ্ডপ উদ্বোধন কৰি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই লাচিত বৰফুকনৰ দেশপ্ৰেমৰ আদৰ্শৰে সকলোকে উদ্বুদ্ধ হ’বলৈ আহ্বান জনায়।

তাৎপৰ্যপূৰ্ণ বিষয় যে, এই পূজাথলীৰ একেবাৰে ওচৰতে আছে এটি মছজিদ। উক্ত স্থানত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ লোকসকলেও ৬৪ বৰ্ষীয়া পূজাখনিলৈ বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে বুলি পূজা কমিটিৰ লগতে স্থানীয় লোকসকলে জানিবলৈ দিয়ে।

এই পূজাখনৰ জৰিয়তে সমন্বয় আৰু দেশ প্ৰেমৰ এক বাৰ্তা দিয়াৰ উপৰি অসমত বসবাস কৰি অসমৰ সংস্কৃতি গ্ৰহণ কৰা সকলো যে আচলতে  অসমীয়া এই কথা নৱ-প্ৰজন্মক বুজাবলৈকে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বুলি দুৰ্গা পূজা সমিতিৰ কৰ্মকৰ্তাসকলে কয়।