• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত চাৰি কিলোমিটাৰ জোৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

মিণ্টু দাস by মিণ্টু দাস
August 12, 2018 1:40 pm
cultural procession
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে শনিবাৰে নগাঁও চহৰৰ নেহৰুবালিৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে।

শোভাযাত্ৰা উদ্বোধন কৰি তেওঁ কয় যে সকলোৱে কলঙক মৃত বুলি কয়। কিন্তু নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আজিৰ এই ৰং ৰহইচ আৰু বৰ্ণাঢ্য প্ৰস্তুতি দেখি মোৰ বিশ্বাস এই কলং পুনৰ জী উঠিব।এসময়ৰ দেৱকান্ত বৰুৱা আৰু নৱকান্ত বৰুৱাৰ কলঙক আমি জীয়াই তুলিব পাৰিম।

Apply Now

গোস্বামীয়ে লগতে কয় যে নগাঁও মহাবিদ্যালয়ে বিগত সময়ত পটু ৰাজনীতিবিদ, প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী আদি সৃষ্টি কৰিছে। সেয়ে ছাত্ৰ-ছাত্ৰী সকলে নগাঁও মহাবিদ্যালয়তে নিজৰ আদৰ্শৰ উৎস বিচাৰি পাব। নগাঁৱৰ পুৰণি ঐতিহ্য পুনৰ সজীৱ হৈ উঠিব।

সাংস্কৃতিক শোভাযাত্ৰাত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অভিনেতা যতীন বৰাইয়ো অংশগ্ৰহণ কৰে। আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ কৃষ্টি-সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি, ভাৰতৰ স্বাধীনতা আন্দোলন, অসমৰ জাতীয় আন্দোলন, অসমৰ বীৰ-বীৰাংগনাৰ কৃতীকে ধৰি বিভিন্ন প্ৰতীক প্ৰদৰ্শন কৰা হয়।

প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৰ্ণাঢ্য শোভাযাত্ৰাত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, অৱসৰ প্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে।

ইপিনে মহাৰজত জয়ন্তীৰ শনিবাৰে পঞ্চম দিনা ”প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত” বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰি ৰাজ্যৰ স্বাস্থ্য, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰাচীন ভাৰতবৰ্ষ বিশ্বৰ গুৰু আছিল। ইয়াৰ মূলতেই আছিল তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয়। এই দুখন বিশ্ববিদ্যালয়ে শিক্ষাৰ গুৰি ধৰাৰ বাবেই ভাৰতবৰ্ষই বিশ্বত প্ৰভাৱশালী দেশ হিচাপে গুৰুত্ব লাভ কৰিছিল। কিন্তু পিছত তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয় লুপ্ত হয়। পশ্চিমৰ দেশত প্ৰতিষ্ঠা হয় অক্সফোৰ্ড আৰু হাভাৰ্ড বিশ্ববিদ্যালয়। ইয়াৰ লগে লগে শিক্ষাৰ গতি পশ্চিমীয়া দেশলৈ গতি কৰে। ভাৰতবৰ্ষৰ পৰিবৰ্তে বিশ্বৰ নেতৃত্ব পশ্চিমীয়া দেশলৈ স্থানান্তৰিত হয়।

নগাঁও মহাবিদ্যালয়ৰ গৌৰৱ উজ্জ্বল ঐতিহ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ৭৫ বছৰ অতিক্ৰমণ কৰাৰ পিছত মহাবিদ্যালয়খনৰ দায়িত্ব আৰু বাহিল। এনে সময়ত মহাবিদ্যালয়খনে যাতে দায়িত্বৰ পৰা আঁ‌তৰি নাযায় তাৰ সংকল্প ল’ব লাগিব। অগ্ৰজসকলে দি যোৱা গৌৰৱ ৰাখিব পাৰিছোনে নাই সেই কথাও চিন্তা কৰিব লাগিব। লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ উৰ্দ্ধমুখী যাত্ৰাক আমি ধৰি ৰাখিব লাগিব।

সমাৰোহত অংশগ্ৰহণ কৰি মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই সাহিত্য-সংস্কৃতি-ৰাজনীতি সকলো ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে। সমাৰোহত বিশিষ্ট অভিনেতা যতীন বৰাই অংশগ্ৰহণ কৰি কয় যে ছাত্ৰ-ছাত্ৰী সকলে প্ৰথমে মানুহ হোৱাৰ শিক্ষা গ্ৰহণ কৰক।পিতৃ-মাতৃ শিক্ষকক ভগৱানৰ দৰে জ্ঞান কৰক। সাংবাদিক সুনীল বৰাই আঁত ধৰা সভাখনত ডি ৱাই ৩৬৫ চেনেলৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়েও ভাষণ দিয়ে। সমাৰোহৰ আদৰণী ভাষণ দিয়ে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে। সমাৰোহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলিমুজ জামান উপস্থিত থাকে ৷

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd