• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰণাস্ত্ৰ এৰি ভাওনা মঞ্চস্থ আৰক্ষীৰ : জন সমাজত নতুন সমাদৰ লাভ

মিণ্টু দাস by মিণ্টু দাস
October 29, 2018 9:25 am
nagaon police bhaona.photo

নগাঁবত আৰক্ষীৰ ভাওনা মঞ্চস্থ। ফটো : নৰ্থইষ্ট নাও

520
VIEWS
Share on FacebookShare on Twitter

নগাঁও আৰক্ষীয়ে এ কে ৪৭ , এছ এল আৰ, ষ্টেনগান, নাইন এম এম আদিৰ দৰে মাৰণাস্ত্ৰ একাষৰীয়াকৈ থৈ এক সৃষ্টিশীল কামত নিয়োজিত হৈছে। হঠাৎ হোৱা এই পৰিৱৰ্তন কিন্তু সমাজ সংস্কাৰ হ’ব পৰাৰ দৰে এক পৰিৱৰ্তন। এই পৰিৱৰ্তন কালত আৰক্ষীৰ হাতত ধনু- কাঁড়, তৰোৱাল, যাঠিৰ দৰে আওপুৰণি অস্ত্ৰ-শস্ত্ৰই শোভাবৰ্দ্ধন কৰিছে। ইয়াৰ বিপৰীতে এনে আওপুৰণি অস্ত্ৰৰে কাৰ লগত যুঁজিব, সেই লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে। ইয়াৰ উপৰি নগাঁও আৰক্ষীয়ে কাক সুৰক্ষা দিব, কাক দিবনিৰাপত্তা?

প্ৰকৃতাৰ্থত আৰক্ষীয়ে দুষ্কৃতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰালভাৱে এক অভিনৱ পদ্ধতিৰে নগাঁও আৰক্ষীয়ে যুঁজ দিছে দুষ্কৃতিৰ বিৰুদ্ধে। ৰাইজৰ নিৰাপত্তাৰ, সুৰক্ষাৰ মাজতে হাতত তুলি লৈছে ধনু-কাঁড়। খাকী পোছাক এৰি পিন্ধিছে ৰজাদিনীয়া সাজ পাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাটত এইদৰে অভিনয় কৰিছে নগাঁও আৰক্ষীয়ে।

মহাপুৰুষজনাৰ অমৰ সৃষ্টি অংকীয়া নাট ভাওনা কৰি আৰক্ষীয়ে দেখুৱাইছে বিৰল নিৰ্দশন। নৱ প্ৰজন্মৰ বাবে ক্ৰমে অচিনাকি হৈ পৰা  নগাঁও আৰক্ষীয়ে কৰা ভাওনাই নিশ্চিতভাৱে নতুন মাত্ৰা প্ৰদান কৰিব।

নগাঁও পুলিচ ৰিৰ্জাভত শনিবাৰে নিশা অনুষ্ঠিত হোৱা ভাওনাখনিত সুত্ৰধাৰৰ পৰা গাৱন-বায়নলৈকে সকলো আৰক্ষী। ভাৱৰীয়াৰ ৰূপত আৰক্ষী বিষয়াৰ পৰা কনিষ্টবললৈকে। একেদৰে মহিলা আৰক্ষীকো দেখা গ’ল বিভিন্ন চৰিত্ৰত। নাটখনিৰ নাম হৈছে ”চুৰাতন বধ”।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে অতিৰিক্তি আৰক্ষী অধীক্ষক ৰিপুল দাস প্ৰমুখ্যে জিলাখনৰ অন্যান্য পুলিচ বিষয়া-কৰ্মচাৰী আদিৰ উপস্থিতিত ভাওনাখনি উদ্বোধন কৰে। উল্লেখ্য যে, পুলিচ ৰিৰ্জাভৰ ভাওনাখনিত দৰ্শকৰ উপস্থিতি আছিল লক্ষণীয়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd