NORTHEAST NOW (Assamese)

নগাঁও আমনিৰ ধৰ্ষণকাণ্ডৰ অপৰাধী ৰাজেশক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

August 31, 2018 10:48 pm · বিদ্যুত জ্যোতি বৰা

কালি আৰক্ষীয়ে আটক কৰা নগাঁৱৰ আমনিত যোৱা ২৮ আগষ্টত সংঘটিত ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ৰাজেশ ধৰক আৰক্ষীয়ে আজি নগাঁও আদালতত হাজিৰ কৰায়।

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে আদালতে তেওঁক চাৰি চেপ্তেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক ধৰ্ষণৰ বাতৰিটোৰ সবিশেষ কিদৰে ৰাতিৰ ট্ৰাকে আৰক্ষীক গতাইছিল ধৰ্ষিতাক?

আনহাতে আটক কৰাৰ পিছত কালি নিশাই চামগুৰি আৰক্ষীয়ে অপৰাধী ৰাজেশক লগত লৈ ধৰ্ষণকাণ্ড সংঘটিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে এল্টত ৰাজেশৰ সৈতে অহা আনকেইগৰাকী ধৰ্ষণকাৰীৰ বিষয়ে তেওঁৰ পৰা কি তথ্য লাভ কৰিলে সেই বিষয়ে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত একো প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে নগাঁৱৰ আমনিত যোৱা মঙলবাৰে নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এগৰাকী ধাবাৰ কৰ্মচাৰী মহিলাক ধৰ্ষণ কৰা উক্ত ঘটনাই সমগ্ৰ ৰাজ্যখনতে জোকাৰণিৰ সৃষ্টি কৰিছিল।

Related News