• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত অপৰাধীক কৰিব নিৰ্মূল : এছপি আনন্দ মিশ্ৰৰ বিশেষ অভিযানকাৰী বাহিনী গঠন

নগাঁৱত অপৰাধ নিয়ন্ত্ৰণৰ বাবে সাজু ৩০ জনীয়া বিশেষ অভিযানকাৰী দল

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
May 23, 2021 6:46 pm
SP Anand Mishra
310
VIEWS
Share on FacebookShare on Twitter

অপৰাধীৰ ৰাজধানী হিচাপে পৰিচিত নগাঁও। বিগত বছৰটোত নগাঁও আৰক্ষীক জ্বলা-কলা খুৱাইছিল অপৰাধীয়ে।

বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নগাঁও আৰক্ষীৰ জোৱানৰ পৰা পিষ্টল কাঢ়ি নিছিল অপৰাধীয়ে। আনকি অপৰাধীয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈছিল নগাঁৱত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে অপৰাধীক আটক কৰাত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী।

পিছে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে নতুন আশাৰ সঞ্চাৰ হৈছে নগাঁৱত। নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আনন্দ মিশ্ৰই।

আৰক্ষী অধীক্ষক গৰাকীয়ে বৰ্তমান বহু কুখ্যাত অপৰাধীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। আৰক্ষী অধীক্ষকগৰাকীয়ে কৰায়ত্ত কৰাৰ চেষ্টাৰে অভিযান চলাইছে নগাঁৱৰ বহু অপৰাধজনিত ঘটনাত জড়িত কংগ্ৰেছ নেতা আব্দুল বাছেট ওৰফে ইফুৰ বিৰুদ্ধেও।

অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হৈছে ইফু নামৰ অভিযুক্ত অপৰাধী।

উল্লেখযোগ্য বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ ঘণিষ্ঠ হিচাপে পৰিচিত ইফুক বিচাৰি বৰ্তমানেও নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে কেইবাটাও দুধৰ্ষ ড্ৰাগছ মাফিয়া। কিন্তু এইসমূহ অভিযানক অধিক নিখুঁতভাৱে চলাবলৈ আনন্দ মিশ্ৰই গঠন কৰিছে এটি বিশেষ অভিযানকাৰী বাহিনী।

নগাঁও আৰক্ষীৰ ৩০০ জোৱানৰ মাজৰ পৰা ৩০ জন জোৱানক বাচনি কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে গঠন কৰিছে এই বিশেষ বাহিনীটো।

এতিয়াৰে পৰা নগাঁৱৰ দাগী অপৰাধীক দমন কৰিবৰ বাবে দিনে-নিশাই অভিযান চলাব এই বিশেষ বাহিনীটোৱে আৰু ইয়াৰ নেতৃত্বত থাকিব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

উল্লেখযোগ্য যে, ডিমাপুৰৰ পৰা নগাঁৱলৈ অবাধ সৰবৰাহ হোৱা নিচাজাতীয় দ্ৰব্যই বৰ্তমান তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে নগাঁৱৰ যুৱপ্ৰজন্মক। সেয়ে নৱনিযুক্ত আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাক লৈ আশাবাদী নগাঁৱৰ সাধাৰণ জনতা।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd