কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ প্ৰচাৰত বলীউদ; নাগপুৰ আৰক্ষীৰ অভিনৱ পোষ্টাৰ

কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰে সাধাৰণ নাগৰিকক বাৰ্তা দিবলৈ নাগপুৰ আৰক্ষীয়ে ব্যৱহাৰ কৰিলে বলীউদৰ জনপ্ৰিয় ছবিৰ দৃশ্য। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো যে জৰুৰী সেই বাৰ্তা সাধাৰণ নাগৰিকৰ মাজলৈ লৈ যাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে এখন অভিনৱ পোষ্টাৰ। শ্বাহৰুখ খানৰ জনপ্রিয় ছবি ‘কুছ কুছ হোতা হ্যেয়’ৰ সহায় লৈছে নাগপুৰ আৰক্ষীয়ে। ইপিনে, নাগপুৰ আৰক্ষীৰ সেই পোষ্টাৰখন ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মহাৰাষ্ট্ৰত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত নাগপুৰত কৰ’নাত ইতিমধ্যে ৬২১জন লোক হৈছে আৰু কমেও দহজন লোকৰ মৃত্যু হৈছে। নাগপুৰ প্ৰশাসনে ঘৰৰ বাহিৰলৈ ওলালে সকলোৰে বাবেমাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। গাগপুৰ আৰক্ষীয়ে সাধাৰণ নাগৰিকক এই সম্পৰ্কে সজাগ কৰাৰ বাবে শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জী অভিনীত ‘কুছ কুছ হোতা হ্যেয়’ ছবিখনৰ এক দৃশ্যাংশ ব্যৱহাৰ কৰিছে। ছবিখনৰ এটি দৃশ্যাংশত শ্বাহৰুখ খানে এহাতে কাজলক সাবটি ধৰি থকা আনখন হাতেৰে ৰাণী মুখাৰ্জীক ধৰি ৰাখিছে। উক্ত দৃশ্যাংশক নাগপুৰ আৰক্ষীয়ে কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ বাবে আন ধৰণে ব্যৱহাৰ কৰিছে। ইয়াত শ্বাহৰুখ খানক সাধাৰণ নাগৰিক, কাজলক ঘৰৰ বাহিৰলৈ ওলোৱা আৰু ৰাণী মুখাৰ্জীক মাস্ক হিচাপে দেখুওৱা হৈছে। তদুপৰি, লগত লিখা হৈছে,’’এই বান্ধোন নাভাঙিব। নহ’লে বহুত কিছু হ’ব পাৰে (Dont let this bond break…Kyunki, Bohot Kuch Hota Hai!)। নাগপুৰ আৰক্ষীয়ে বুজাব খুজিছে যে মাস্ক অবিহনে বাহিৰলৈ নোলাব। নহ’লে বহু সমস্যা হ’ব পাৰে। নাগপুৰ আৰক্ষীৰ এনে অভিনৱ প্ৰয়াসক অৱশ্যেই ছচিয়েল মিডিয়াত সকলোৱে প্ৰশংসাৰে উপচাই দিছে।

ফটো: টুইটাৰৰ সৌজন্যত

কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰে সাধাৰণ নাগৰিকক বাৰ্তা দিবলৈ নাগপুৰ আৰক্ষীয়ে ব্যৱহাৰ কৰিলে বলীউদৰ জনপ্ৰিয় ছবিৰ দৃশ্য।

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক ব্যৱহাৰ কৰাটো যে জৰুৰী সেই বাৰ্তা সাধাৰণ নাগৰিকৰ মাজলৈ লৈ যাবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছে এখন অভিনৱ পোষ্টাৰ।

শ্বাহৰুখ খানৰ জনপ্রিয় ছবি ‘কুছ কুছ হোতা হ্যেয়’ৰ সহায় লৈছে নাগপুৰ আৰক্ষীয়ে।

ইপিনে, নাগপুৰ আৰক্ষীৰ সেই পোষ্টাৰখন ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

মহাৰাষ্ট্ৰত কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়ত নাগপুৰত কৰ’নাত ইতিমধ্যে ৬২১জন লোক হৈছে আৰু কমেও দহজন লোকৰ মৃত্যু হৈছে।

নাগপুৰ প্ৰশাসনে ঘৰৰ বাহিৰলৈ ওলালে সকলোৰে বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

গাগপুৰ আৰক্ষীয়ে সাধাৰণ নাগৰিকক এই সম্পৰ্কে সজাগ কৰাৰ বাবে শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জী অভিনীত ‘কুছ কুছ হোতা হ্যেয়’ ছবিখনৰ এক দৃশ্যাংশ ব্যৱহাৰ কৰিছে।

ছবিখনৰ এটি দৃশ্যাংশত শ্বাহৰুখ খানে এহাতে কাজলক সাবটি ধৰি থকা আনখন হাতেৰে ৰাণী মুখাৰ্জীক ধৰি ৰাখিছে।

উক্ত দৃশ্যাংশক নাগপুৰ আৰক্ষীয়ে কৰ’নাৰ বিৰুদ্ধে সজাগতাৰ বাবে আন ধৰণে ব্যৱহাৰ কৰিছে।

ইয়াত শ্বাহৰুখ খানক সাধাৰণ নাগৰিক, কাজলক ঘৰৰ বাহিৰলৈ ওলোৱা আৰু ৰাণী মুখাৰ্জীক মাস্ক হিচাপে দেখুওৱা হৈছে। তদুপৰি, লগত লিখা হৈছে,’’এই বান্ধোন নাভাঙিব। নহ’লে বহুত কিছু হ’ব পাৰে (Dont let this bond break…Kyunki, Bohot Kuch Hota Hai!)।

নাগপুৰ আৰক্ষীয়ে বুজাব খুজিছে যে মাস্ক অবিহনে বাহিৰলৈ নোলাব। নহ’লে বহু সমস্যা হ’ব পাৰে।

নাগপুৰ আৰক্ষীৰ এনে অভিনৱ প্ৰয়াসক অৱশ্যেই ছচিয়েল মিডিয়াত সকলোৱে প্ৰশংসাৰে উপচাই দিছে।