ভবিষ্যত প্ৰজন্মক নিজৰ ভাষা সম্বন্ধে জ্ঞান দিয়াৰ উদ্দেশ্যৰে ডিব্ৰুগড় জিলাৰ নামফাকে গাঁৱৰ টাইফাকে লোকসকলে তেওঁলোকৰ প্ৰাচীন লিপি সমূহ সংৰক্ষণ কৰি ৰাখিছে।
আহোম ৰাজত্বকালৰ ১৭৭০ চনত অসমলৈ প্ৰব্ৰজন কৰা টাইফাকে লোকসকলে বৰ্তমান অসমত বাস কৰি থকা এটা অতি ক্ষুদ্ৰ জনসংখ্যাৰ জানগোষ্ঠী।
ডিব্ৰুগড় জিলাৰ পৰা ৩৬ কিলোমিটাৰ দূৰত্বত নাহৰকটীয়াত নামফাকে গাঁও অৱস্থিত। নামফাকে গাঁওৰ লোকসকলে এতিয়া চৰকাৰক তেওঁলোকৰ ২০০ বছৰীয়া পুৰণি লিপি সমূহ সংৰক্ষণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।
গাঁওখনৰ জনসাধাৰণ তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতিক লৈ অতিশয় সচেতন। তেওঁলোকে ভবিষ্যত প্ৰজন্মৰ বাবে নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।
গাঁওখনৰ যুৱপ্ৰজন্মই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি নামফাকে বৌদ্ধ মঠত টাইফাকে ভাষা পঢ়োৱাৰ ব্যৱস্থা কৰিছে।
টাইফাকে ভাষাৰ সংকট সম্বন্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক নেগিদেথন গোঁহায়ে কয়, ‘’অন্য ভাষাৰ শক্তিশালী অগ্ৰাসনৰ বাবে আমি আমাৰ নিজস্ব পৰিচয় হেৰুৱাবলৈ আৰম্ভ কৰিছো।” তেওঁ কয় হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰভাৱৰ বাবে টাইফাকে ভাষা সংকটত পৰিছে। নতুন প্ৰজন্মৰ বহু লোকে টাইফাকে ভাষাৰ মাজত হিন্দী বা ইংৰাজী শব্দ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।
টাইফাকে ভাষা তীব্ৰ অস্তিত্বৰ সংকটৰ গৰাহত পৰিছে যদিও আমি পাৰ্যমানে ইয়াক সংৰক্ষণ কৰাৰ বাবে চেষ্টা কৰি আহিছো বুলি গোঁহায়ে কয়। তেওঁ টাইফাকে লিপিক সংৰক্ষণ কৰাৰ বাবে ইয়াৰ ওপৰত পাঠদান কৰাৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি কয় যে কিছু সংখ্যক বয়োজ্যেষ্ঠ লোকে নামফাকে বৌদ্ধ মন্দিৰত ভাষাটো পঢ়োৱাৰ ব্যৱস্থা কৰিছে।
আনহাতে, তেওঁলোকে লিপিটো সংৰক্ষণ কৰাৰ বাবে এটা গ্ৰন্থাগাৰো স্থাপন কৰিছে । নামফাকে বৌদ্ধ মঠত থকা বহুতো পুৰণা সাঁচি পাতত টাইফাকে সকলৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা আছে বুলি জানিবলৈ দিয়ে।