নৰসিংহ ৰাও,মনমোহন সিঙৰ অৰ্থনৈতিক অৱদানক ভূয়সী প্ৰশংসা মোদী চৰকাৰৰ

ক্ষমতালৈ অহাৰ লগে লগে নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনৈতিক বিকাশ কেনেকৈ ওপৰলৈ গৈ আছে তাৰ মাপকাঠি সলনি কৰিলে। মোদী চৰকাৰে বিভিন্ন ‘তথ্য আৰু পৰিসংখ্যা’ৰে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনক দোষাৰোপ কৰে। কিন্তু এইবাৰ মোদী চৰকাৰে স্বীকাৰ কৰিছে যে কংগ্ৰেছৰ দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত নৰসিংহ ৰাও আৰু মনমোহন সিঙে তিনিটা গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ জৰিয়তে লাইচেঞ্চ ৰাজৰ অন্ত পেলাই ভাৰতীয় অৰ্থনীতিলৈ এক নতুন জোৱাৰ আনিছিল!

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ ৯ জনীয়া বিচাৰপীঠে বুধবাৰে ভাৰতত বিত্তীয় উদাৰীকৰণ আৰু আনুষংগিক আইন প্ৰণয়নৰ গোচৰৰ শুনানি গ্ৰহণ কৰোঁতে কেন্দ্ৰৰ অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু তেওঁৰ চৰকাৰৰ বিত্তমন্ত্ৰী মনমোহন সিঙে নব্বৈৰ দশকৰ আৰম্ভণিতে কৰা অৰ্থনৈতিক সংস্কাৰৰ ফলত কোম্পানী আইন আৰু একচেটিয়া আৰু নিষিদ্ধ বাণিজ্যিক পদ্ধতি আইন (এম আৰ টি পি)কে ধৰি বহুতো আইন সংস্কাৰৰ সৃষ্টি হয়। তেওঁলোকৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেই পৰৱৰ্তী তিনিটা দশকলৈকে একেৰাহে চৰকাৰসমূহে উদ্যোগ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫১ সংশোধনৰ প্ৰয়োজনীয়তা দেখা নাপালে।

বুধবাৰে শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল মেহতাই ১৯৫১ চনৰ উদ্যোগ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইনখনক ‘লাইচেন্স ৰাজ যুগৰ বিভাজনমূলক আইন’ বুলি অভিহিত কৰে। কিন্তু নৰসিংহ-মনমোহনৰ বিত্তীয় সংস্কাৰ নীতিৰ ফলত এই আইনখন কাৰ্যতঃ অপ্রাসংগিক হৈ পৰিছে বুলি উচ্চতম ন্যায়ালয়ত দাবী কৰে৷