তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে : স্পৰ্শ কৰিলে নেহেৰুৰ অভিলেখ

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ স্পৰ্শ কৰিলে নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মোদীয়ে। ইয়াৰ পূৰ্বে কেৱল জৱাহৰলাল নেহৰুৰে তিনিটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰিছিল। এইবাৰ তৃতীয়বাৰৰ বাবে দেশৰ শাসনজৰী লাভ কৰিলে নৰেন্দ্ৰ মোদীয়ে।

অৱশ্যে যোৱা দুটা মোদী কেবিনেটৰ তুলনাত এই কেবিনেট বহুত বেলেগ। স্মৃতি ইৰাণী, অনুৰাগ ঠাকুৰৰ দৰে মন্ত্ৰীসভাৰ পৰিচিত মুখ নাথাকিব এইবাৰ কেবিনেটত। এইবাৰ যিহেতু মিত্ৰদলৰ সহায় অবিহনে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন, গতিকে এইবাৰ মন্ত্ৰীসভাত মিত্ৰদলৰ প্ৰতিনিধিত্ব পূৰ্বতকৈ বহু বেছি।

আজি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ উপৰিও ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, শিৱৰাজ সিং চৌহান, নিৰ্মলা সীতাৰমণ আদিয়ে পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুঠ ৬৬ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে আজি।

শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে নৰেন্দ্ৰ মোদীক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। বিশিষ্ট বিজেপি নেতা তথা লক্ষ্ণৌৰ সাংসদ ৰাজনাথ সিঙে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিদায়ী চৰকাৰত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

ইয়াৰ পিছতে বিদায়ী চৰকাৰৰ গৃহমন্ত্ৰী তথা গান্ধীনগৰৰ সাংসদ অমিত শ্বাহে শপত গ্ৰহণ কৰে। নাগপুৰৰ সাংসদ তথা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁৰ পিছতে শপত গ্ৰহণ কৰে। বিদায়ী মন্ত্ৰীসভাৰ সদস্য পিয়ুষ গোৱেল আৰু ধৰ্মেন্দ্ৰ প্ৰধানেও আজি নতুন মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

ইয়াৰ উপৰিও বিশিষ্ট বিজেপি নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰেও পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আজি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নতুন পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জনতা দলৰ (ধৰ্মনিৰপেক্ষ) নেতা এইচ ডি কুমাৰস্বামীৰ লগতে অংশীদাৰ দলৰ কেইবাজনো নেতাই।

ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদায়ী বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিদায়ী ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও আজিৰ দিনটোত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

আজি ৰাষ্ট্ৰপতি ভৱনত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ৮ হাজাৰৰো অধিক অতিথিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ ৰাজ্যসমূহৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ দৰে বলীউডৰ অভিনেতাকো দৰ্শকৰ মাজত দেখা যায়। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকে শপত গ্ৰহণ অনুষ্ঠানত।