তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ইটালী ভ্ৰমণলৈ যাব মোডী

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটোঃ সংগ্ৰহীত।

তৃতীয়বাৰৰ বাবে ৯ জুনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ইটালীলৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদীয়ে।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ আমন্ত্ৰণ গ্ৰহণ কৰি ১৩ জুনৰ পৰা ১৫ জুনলৈ আপুলিয়াৰ বৰ্গো এগনাজিয়াত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ইটালীৰ পুগ্লিয়াত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ বৰ্দ্ধিত অধিৱেশনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীক ধন্যবাদ জনাইছে মোদীয়ে।

লগতে পঢ়কঃ অসহিষ্ণুতা! ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীক মুকলিকৈ ৰাজপথতে আক্ৰমণ ব্যক্তিৰ

এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু জি-৭ৰ অন্যান্য নেতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব।

বৰ্তমান ইটালী জি-৭ৰ সভাপতিত্বৰ পদত অধিষ্ঠিত, যিখন মঞ্চত কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন, আৰু আমেৰিকাক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইউৰোপীয় ইউনিয়নেও অতিথি হিচাপে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ টী-২০ বিশ্বকাপত আফগানিস্তানৰ চমক; নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰি আৰম্ভ কৰিলে যাত্ৰা

এইবাৰৰ শীৰ্ষ সন্মিলনত বিশ্ব অৰ্থনৈতিক পৰিৱেশ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, জলবায়ু পৰিৱৰ্তন, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-হামাছ সংঘাতকে ধৰি কেইবাটাও জটিল বৈশ্বিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।