নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতা : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে কেজৰিৱালৰ আবেদন

আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে গুজৰাট বিশ্ববিদ্যালয়ে কেজৰিৱালৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰে। যাৰ বাবে নিম্ন আদালতে তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰে। চমন বাতিল কৰিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আপৰ নেতাগৰাকীয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ আবেদন খাৰিজ কৰে।

সংবাদমেলত কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ কপি দেখুৱাবলৈ কৰে। বিশ্ববিদ্যালয়ে সেই প্ৰমাণ পত্ৰ প্ৰদান নকৰিলে।

আনহাতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পীয়ুষ পেটেলে কেজৰিৱাল আৰু ইউ পিৰ সাংসদ সঞ্জয় সিঙৰ বিৰুদ্ধে পৃথকে পৃথকে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰে।

এই গোচৰৰ সৈতে জড়িত অৰবিন্দ কেজৰিৱাল আৰু সঞ্জয় সিঙক বিগত বৰ্ষৰ ১১ আগষ্টত আদালতত হাজিৰ হ’বলৈ দিয়া হৈছিল। এই আবেদন খাৰিজ কৰিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰিৱালে। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ এই আবেদন নাকচ কৰে। তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে কেজৰিৱাল। কিন্তু সেই আৱেদনো নাকচ কৰা হ’ল।

ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এক সুকীয়া বিচাৰপীঠে সঞ্জয় সিঙৰ আবেদন খাৰিজ কৰিছিল। সোমবাৰে ন্যায়াধীশ হৃষিকেশ ৰায় আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সেই বিষয়ৰ উদ্ধৃতি দি কেজৰিৱালৰ আবেদন খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ নকৰে বুলি কয়।

মন কৰিবলগীয়া যে কেজৰিৱালে দিল্লী আৰু গুজৰাটৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ডিগ্ৰীৰ প্ৰতিলিপি বিচাৰি কেন্দ্ৰীয় তথ্য আয়ুক্তৰ কাষ চাপিছিল।

২০১৬ চনৰ এপ্ৰিল মাহত চি আই চিয়ে দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে গুজৰাট বিশ্ববিদ্যালয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ তিনিমাহৰ পাছত জুলাই মাহত গুজৰাট উচ্চ ন্যায়ালয়ে চিআইচিৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। বিশ্ববিদ্যালয়খনৰ ৱেবছাইট বা ৰাজহুৱা ডমেইনৰ আন কোনো ঠাইত প্ৰধানমন্ত্ৰীৰ স্নাতকোত্তৰ ডিগ্ৰী উপলব্ধ নহয় বুলিও কেজৰিৱালে কাউণ্টাৰ ৰিভিউ আবেদন দাখিল কৰে।