• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰৰ দক্ষিণ মেৰুত পদাৰ্পনৰ পিছত নিঃশেষ হৈছিল শক্তি! নাছাই প্ৰেৰণ কৰা লেণ্ডাৰৰ ‘অকাল মৃত্যু’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 11:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাছাৰ লেণ্ডাৰ ‘এথেনা’ই চন্দ্ৰৰ অন্ধকাৰ আৰু বিপদজনক দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছতো কাম কৰিব নোৱাৰিলে। চন্দ্ৰপৃষ্ঠতে ঘটিল ইয়াৰ ‘অকাল মৃত্যু’! ছচিয়েল মিডিয়াত পোষ্ট কৰি নাছাই এই কথা ঘোষণা কৰিছে।

আমেৰিকাৰ মহাকাশ সংস্থাটোৱেও এথেনাই কিয় ইমান প্ৰতিকূলতাৰ সন্মুখীন হ’বলগীয়া হ’ল তাকো প্ৰকাশ কৰিছে। কোৱা হৈছে যে চন্দ্ৰত অৱতৰণ কৰাৰ পিছত লেণ্ডাৰৰ সন্মুখভাগ কিবা কাৰণত চন্দ্ৰপৃষ্ঠৰ গহ্বৰত সোমাই গৈছিল। ফলত ই শক্তিহীন হৈ পৰে আৰু কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। যাৰ বাবে লেণ্ডাৰখন অকালতে নিষ্ক্ৰিয় হৈ পৰে।

Apply Now

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বিষয়ে বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি কৌতুহলী হৈ আহিছে। এই স্থানটো ইমানেই ৰহস্যময় যে ইয়াৰ বিষয়ে প্ৰায় একোৱেই জনা নাযায়। এই দক্ষিণ মেৰুৰ ওপৰত পোহৰ পেলাবলৈ ইছৰ’ই চন্দ্ৰযান-২ পঠিয়াইছিল। অৱশ্যে সেইখন সঠিকভাৱে অৱতৰণ কৰিব পৰা নাছিল। ফলত মিছনটো বিফল হয়।

কিন্তু চেষ্টা কৰিলে ব্যৰ্থ নহয়। চন্দ্ৰযান-৩য়ে এতিয়া তাত কাম কৰি আছে। চন্দ্ৰৰ সেই অংশৰ তথ্য আহৰণৰ বাবে নাছাইও অহৰহ যান প্ৰেৰণ কৰি আছে। তেওঁলোকৰ এটা মিছন হৈছে ইনটুইটিভ মেচিন-২ বা আই এম ২। ইয়াৰ অংশ হিচাপে ‘এথেনা’ লেণ্ডাৰখনে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিছিল। কিন্তু হিচাপ-নিকাচৰ সামান্য ভুলৰ বাবে মহা বিপৰ্যয়ৰ সৃষ্টি হয়।

নাছাৰ পোষ্ট অনুসৰি এই লেণ্ডাৰখন লক্ষ্যস্থানৰ পৰা প্ৰায় ২৫০ মিটাৰ দূৰত্বত থকা মুন মাউণ্টেন অঞ্চলত অৱতৰণ কৰে। কিন্তু তাৰ পিছত ই চন্দ্ৰৰ ক্ৰেটাৰ বা গহ্বৰত সোমাই যায়। লেণ্ডাৰৰ বেটাৰী থকা অংশটো গাঁতত সোমাই গ’ল। ফলত ই সম্পূৰ্ণ আন্ধাৰত ডুব গ’ল, সূৰ্য্যৰ পৰা কোনো পোহৰ নাপালে। লগতে এই অঞ্চলটো অতি ঠাণ্ডা আৰু ইয়াৰ বতৰৰ পৰিস্থিতি প্ৰতিকূল। ফলত এথেনাই কোনো ধৰণে শক্তি আহৰণ কৰি পৰা নাছিল। যাৰ বাবে ই ক্ৰমান্বয়ে শক্তি হেৰুৱাই পেলায়।

Intuitive Machines Executes Southernmost Lunar Landing and Operates Payloads.
The full release is published on the IM-2 mission webpage. https://t.co/6W5wibbV71
(7MAR2025 0829 CST)#AdLunam #IM2 #Athena pic.twitter.com/xDM3Fd9rE7

— Intuitive Machines (@Int_Machines) March 7, 2025

ইয়াৰ পিছত ই আৰু কোনো কাম কৰিবলৈ সক্ষম নহ’ল। কিন্তু ইয়াৰ ‘মৃত্যুৰ’ আগলৈকে এথেনাই নাছাৰ কণ্ট্ৰল ৰুমলৈ কেইবাখনো ছবি প্ৰেৰণ কৰিছিল। নাছাই ছ’চিয়েল মিডিয়াতো সেইবোৰ পোষ্ট কৰিছিল। কিন্তু একাংশ বিজ্ঞানীৰ মতে এথেনাৰ বিফলতাই চন্দ্ৰ অভিযানৰ লগত জড়িত চিন্তা বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd