• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ১০ ডিচেম্বৰৰ পৰা শিশু নাট্য বিদ্যালয়ৰ সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 2, 2018 2:56 pm

2 min read

গুৱাহাটীত ১০ ডিচেম্বৰৰ পৰা শিশু নাট্য বিদ্যালয়ৰ সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ
421
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় শিশু নাট্য সমাৰোহ। গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সপ্তম বাৰ্ষিক শিশু নাট সমাৰোহ খনি অহা ১০ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈকে চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়কে মুখ্য কৰি দেশৰ বিভিন্ন ৰাজ্যৰ ৮ খন নাটক মঞ্চস্থ কৰা হ’ব বুলি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল যোগে জানিবলৈ দিয়ে গুৱাহাটী নাট্য বিদ্যালয়ৰ আৰ ভি এছ পি বৰ্ণালী সিং ডেকাই।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেব আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই নাট্য মহোৎসৱখনিৰ প্ৰথম দিনা অৰ্থ্যাৎ ১০ ডিচেম্বৰত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ নিজস্ব প্ৰযোজনাত তথা মানিক ৰয়ৰ পৰিচালনাৰে মঞ্চস্থ কৰা হ’ব ‘স্মাৰ্টফোন’ শীৰ্ষক নাটকখন।

গুজৰাটৰ লা-প’লা টাই থিয়েটাৰ গ্ৰুপৰ সংলাপ বিহীন নাটক ‘লা-প’লা’ ৰে উক্ত নাট্য মহোৎসৱখনি উদ্বোধন কৰা হ’ব বুলি সংবাদমেলত উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

একেদৰে মহোৎসৱৰ দ্বিতীয় দিনা পাটনাৰ কিলকাৰি গ্ৰুপৰ ‘তত্বচান’ আৰু উত্তৰ লখিমপুৰৰ কিশলয় গোষ্ঠীৰ ‘সম্বলপুৰৰ ৰজা’ উক্ত নাট দুখন মঞ্চস্থ কৰা হ’ব।

ইয়াৰোপৰি ১২ ডিচেম্বৰৰ দিনা টাই কোম্পানী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ‘এক্ৰছ দ্য ছি’ আৰু সৰভোগৰ ভাও এণ্ড এক্টৰছ ৱৰ্লড গ্ৰুপৰ ‘সঁচা সপোন’ নামৰ নাটক দুখন মঞ্চস্থ কৰা হ’ব।

মহোৎসৱৰ শেষৰ দিনা ফৰিদাবাদ হাৰিয়ানাৰ মুখা মুখম মঞ্চ গ্ৰুপৰ ‘ৱহ কাগজ কি কস্তি-ৱহ বাৰিছ কি পানী’ নাটেৰে উক্ত শিশু নাট মহোৎসৱখনিৰ সামৰণি পৰিব।

১০ ডিচেম্বৰৰ দিনা সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হ’ব উক্ত শিশু নাট মহোৎসৱ। আৰম্ভণি অনুষ্ঠানত উক্ত মহোৎসৱৰ লগত সংগতি ৰাখি এখন স্মৰণিকাও উন্মোচন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd