Heatwave: তীব্ৰ গ্ৰীষ্মদাহ! ব্ৰিটেইনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা চৰকাৰৰ

Exceptional heatwave তীব্ৰ গ্ৰীষ্মদাহৰ বাবে ব্ৰিটেইনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে চৰকাৰে। দেশৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

সোমবাৰে (১৮জুলাই) আৰু মঙলবাৰে (১৯ জুলাই) লণ্ডন, মানচেষ্টাৰ আৰু ইয়ৰ্ক অঞ্চলৰ বাবে এই সতৰ্কবাণী জাৰি কৰা হৈছে। ব্ৰিটিছ বতৰ বিজ্ঞান কাৰ্যালয়ে শুকুৰবাৰে (১৫ জুলাই) জনজীৱনৰ বিপদৰ শংকা পৰিহাৰ কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়ক: Boris Johnson vs Rishi Sunak: বৈৰীবন্ধু! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ ঋষি ছুনাকৰ বিৰুদ্ধে বৰিছ জনছনে এয়া কৰিছে কি?

পৰিৱৰ্তিত পৰিস্থিতিত বিদ্যালয়ৰ সময় হ্ৰাস কৰা, ৰে’ল চলাচলৰ গতি হ্ৰাস কৰা আৰু চিকিৎসালয়ত কিছু ৰোগী সেৱা বাতিল কৰা হৈছে। এনে তাপমাত্ৰাৰ পূৰ্বানুমানৰ বাবেই সোমবাৰ আৰু মঙলবাৰৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ বাতিল কৰা হৈছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ডাউনিং ষ্ট্ৰীটৰ এগৰাকী মুখপাত্ৰই কয় যে বৰ্তমানৰ পৰিস্থিতিক জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হৈছে। চৰকাৰে সপ্তাহটোৰ শেষত সিদ্ধান্তটো পুনৰীক্ষণ কৰিব।

অহা সপ্তাহৰ আৰম্ভণিতে সমগ্ৰ ব্ৰিটেইনত বতৰ গৰম হ’ব বুলি অনুমান কৰা হৈছে যদিও ইংলেণ্ড আৰু ৱেলছৰ কিছু অংশত ৩০ ডিগ্ৰী চেলচিয়াছৰ ওপৰলৈ উঠিব আৰু স্কটলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডত ৩০ ডিগ্ৰী চেলচিয়াছলৈ তাপমাত্ৰা হ্ৰাস পাব।

লগতে পঢ়ক: Bill to regulate digital media: ডিজিটেল মাধ্যমৰ বাতৰিৰ ওপৰতো এইবাৰ আইন আনিব কেন্দ্ৰীয় চৰকাৰে

বৰ্তমান উত্তৰ আফ্ৰিকাৰ পৰা ইউৰোপলৈ তীব্ৰ গ্ৰীষ্ম প্ৰবাহ বিয়পি পৰিছে। পৰ্তুগাল, ফ্ৰান্স আৰু স্পেইনত উৎকট গৰমে দহিবলৈ আৰম্ভ কৰিছে।