DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেট বল খেলুৱৈ উৎপল চেতিয়াৰ মৃত্যু

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 19, 2019 6:41 am
IMG-20190719-WA0002

উৎপল চেতিয়া। ফাইল ফটো : নৰ্থইষ্ট নাও

510
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ চহৰৰ মাজমজিয়াৰ লাচিত নগৰ নিবাসী উদীয়মান ব্যৱসায়ী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেট বল খেলুৱৈ উৎপল চেতিয়া (সৰু মাইনা) বৃহস্পতিবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। প্ৰায় ডেৰ বছৰ ধৰি দূৰাৰোগ্য ৰোগৰ সতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে সৰু মাইনাই।

ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো চিকিৎসা গ্ৰহণ কৰি শেহতীয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু বৃহস্পতিবাৰে দিনৰ এক বজাত উৎপল চেতিয়াৰ মৃত্যু হয়।

দহ বছৰ বয়সৰ পৰাই উৎপল চেতিয়াই বাস্কেট বল খেলি নিজকে এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত ১৯৯৫ চনত অসম দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ১৯৯৭ চনত ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

মৃত্যুৰ আগমুহূৰ্তলৈকে উৎপল চেতিয়া শিৱসাগৰ বাস্কেট বল সন্থাৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব পালন কৰি থকাৰ লগতে আৰু নিমাইজান হুঁচৰি দলৰ অন্যতম সদস্য আছিল।

মৃত্যুৰ সময়ত উৎপল চেতিয়াই ইহ সংসাৰত মাতৃ, পত্নী, ভাতৃৰ লগতে বহুটো আত্মীয় স্বজনক এৰি থৈ গৈছে।

উৎপলৰ মৃতদেহ শিৱসাগৰ বাস্কেট বল সন্থাৰ কাৰ্যালয়লৈ অনা হয় আৰু তাতে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ অন্তত থানামুখৰ শান্তিবন শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd