NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু NSCN(IM) ৰ প্ৰতিনিধিৰে বৈঠক অসমৰ মুখ্যমন্ত্ৰীৰ

September 22, 2021 8:39 am · এন ই নাও নিউজ

মঙ্গলবাৰে ডিমাপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ’ আৰু নেচ’নেল চ’চিয়েলিষ্ট অৱ নাগালিম (ইশ্বাক মুইভা) গোটৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয়।

বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ শান্তি বাৰ্তাৰ বিষয়ে আলোচিত হয় বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাৰ মতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহ উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে বদ্ধপৰিকৰ।

“আজি ডিমাপুৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ’ৰ উপস্থিতিত আমি NSCN(IN) গোটৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি বাৰ্তা সম্পৰ্কে আলোচনা কৰোঁ।”- টুইটাৰ যোগে এইদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

Related News